গুৱাহাটীত ডায়াগনষ্টিক চেণ্টাৰৰ বিৰুদ্ধে মহিলাৰ গোপনীয়তা ভংগৰ গুৰুতৰ অভিযোগ

গুৱাহাটীৰ এখন ডায়াগনষ্টিক চেণ্টাৰৰ বিৰুদ্ধে মহিলাৰ গোপনীয়তা ভংগ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বেলতলাৰ চাৰ্ভেস্থিত আল্ট্ৰা কেয়াৰ ডায়াগনষ্টিক চেণ্টাৰত এগৰাকী যুৱতীয়ে বিভিন্ন পৰীক্ষাৰ বাবে যোৱাৰ সময়ত তেওঁক চিচিটিভিৰ সন্মুখত কাপোৰ খুলিবলৈ বাধ্য কৰা হৈছিল বুলি অভিযোগ কৰিছে।

যুৱতীগৰাকীয়ে পৰীক্ষাৰ বাবে যোৱাৰ সময়ত তেওঁক এটা কোঠালিত পোছাক খুলিবলৈ দিয়া হৈছিল। পিছত তেওঁ গম পাইছিল যে সেই কোঠালিত চিচিটিভি কেমেৰা লাগি আছিল। এই কথা গম পাই যুৱতীগৰাকীয়ে ডায়াগনষ্টিক চেণ্টাৰৰ বিৰুদ্ধে গোপনীয়তা ভংগৰ অভিযোগ উত্থাপন কৰে। তেওঁ প্ৰশ্ন কৰে, “যি কোঠালিত ৰোগীয়ে পোছাক খুলিব লগা হয়, তাত চিচিটিভি কেমেৰা কিয় লাগি আছিল?”

যুৱতীগৰাকীয়ে এই অভিযোগ উত্থাপন কৰাৰ পিছত হাতীগাঁও আৰক্ষীয়ে আল্ট্ৰা কেয়াৰ ডায়াগনষ্টিক চেণ্টাৰত অভিযান চলাই এজন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত চলাই আছে আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে।

আৰক্ষীয়ে আন ভুক্তভোগীসকলকো আগবাঢ়ি আহি একে ধৰণৰ অভিজ্ঞতাৰ অভিযোগ দিবলৈ আহ্বান জনাইছে। ৰোগীৰ স্বাস্থ্য পৰীক্ষাক লৈ ব্যৱসায় কৰা এই চেণ্টাৰৰ বিৰুদ্ধে গোপনীয়তা ভংগৰ অভিযোগ উত্থাপন হোৱাত একাংশ লোকে উদ্বেগ প্ৰকাশ কৰিছে আৰু যথাযথ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

এই ঘটনাইত চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু ৰোগীৰ গোপনীয়তা ৰক্ষাৰ বিষয়ে পুনৰ আলোচনাৰ সূচনা কৰিছে।

  • Related Posts

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    গুৱাহাটীত উত্তৰ-পূব খনিজ মন্ত্ৰীসকলৰ দ্বিতীয় সন্মিলন অসমত বন্ধ অবৈধ খননঃ জি কিষান ৰেড্ডী

    উত্তৰ-পূৰ্বাঞ্চলৰ খনিজ আৰু কয়লাৰ সম্ভাৱনাক বিকশিত কৰিবলৈ আজি গুৱাহাটীত দ্বিতীয় উত্তৰ-পূৱ ভূতত্ত্ব আৰু খনি মন্ত্ৰীসকলৰ সন্মিলন উদ্বোধন কৰা হয়। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে