গুৱাহাটীত ভণ্ড বাবা মস্তান খানক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰীত বিভিন্ন লোকক প্ৰৱঞ্চনা কৰা ভণ্ড বাবাক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ গণেশগুৰিৰ আনন্দ প্লাজাৰ পৰা ভণ্ড তান্ত্ৰিকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ এজন তান্ত্ৰিকৰ নেতৃত্বত চক্রটোৱে বহু লোকক প্ৰৱঞ্চনা কৰাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাইছিল বুলি জানিব পৰা গৈছে। গ্ৰেপ্তাৰ কৰা লোকজন বাবা মস্তান খান নামৰে পৰিচিত, যাৰ প্ৰকৃত নাম মহছিন খান। তেওঁক প্রতাৰণা আৰু ধোঁকা-ধাপণৰ বহু অভিযোগৰ ভিত্তিত আটক কৰা হয়। আনন্দ প্লাজাত ভুৱা চেম্বাৰ খুলি নিজকে ধৰ্মীয় গুৰু আৰু মানসিক ৰোগৰ চিকিৎসক বুলি পৰিচয় দিছিল। তেওঁ প্ৰেম বিয়া, বিদেশ ভ্ৰমণ আৰু বিভিন্ন ৰোগ-ব্যাধিৰ সমাধান দিম বুলি কৈ নানা ধৰণৰ ৰীত-নীত আৰু মন্ত্র-পাঠৰ নামত ধন আত্মসাৎ কৰিছিল। আৰক্ষী সূত্ৰে জনোৱা মতে, বাবা মস্তান খানে বিশেষকৈ ৰোগত ভোগি থকা অসহায় ৰোগীক লক্ষ্য কৰি প্ৰতাৰণা কৰিছিল। অভিযান চলোৱাৰ সময়ত আৰক্ষীয়ে তেওঁৰ পৰা ধৰ্মীয় সামগ্ৰী, ভুৱা নথিপত্ৰ আৰু সন্দেহজনক সামগ্ৰী উদ্ধাৰ কৰে।

  • Related Posts

    জাতিৰ আৱেগ ভাগ্যদেৱী থিয়েটাৰৰ বিদায় — এটা যুগৰ অন্ত

    অসমীয়াৰ হৃদয়ত ‘ভ্ৰাম্যমান থিয়েটাৰ’ শব্দটো উচ্চাৰণ হ’লেই যিটো নামটো মুকলি মনৰে ওলাই আহে, সেইটো হৈছে থিয়েটাৰ ভাগ্যদেৱী। ৰাস, পূজা, বিহু—সকলো উৎসৱ-অনুষ্ঠানত নাটক চাই উৎসৱ পুৰ্ণ কৰাৰ অভ্যাস আছিল অসমবাসীৰ। আৰু…

    ৯ লাখৰো অধিক ভক্তৰ সমাগম, নিজম পৰিল নীলাচল

    বিশ্বৰ ৫১ খন শক্তিপীঠৰ অন্যতম কামাখ্যা দেৱালয় চৌহদত ২২ জুনৰ দিনা বিয়লি ২ বাজি ৫৬ মিনিটত কামাখ্যা দেৱালয়ৰ পৰম্পৰা অনুসৰি প্ৰবৃত্তিৰে আৰম্ভ হোৱা পাঁচদিনীয়া অম্বুবাচী মহাযোগৰ বৃহস্পতিবাৰে পুৱতি নিশা ৩…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ