গুৱাহাটীত মাতাল ভাতৃৰ হাতত প্ৰাণ গ’ল ভাতৃৰ

গুৱাহাটী মহানগৰীত মদৰ ৰাগীত মাতাল ভাতৃৰ হাতত ভাতৃৰ প্ৰাণ যোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মহানগৰীৰ বিৰুবাৰীত সুৰাৰ ৰাগীত মাতাল ভাতৃয়ে ছুৰীৰে হানি ভাতৃক হত্যা কৰিছে৷ নিহত লোকজন হৈছে শংকৰ সৰকাৰ৷ ভাতৃ হত্যাৰ অভিযুক্ত বিশ্বজিৎ সৰকাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গুৱাহাটী আৰক্ষী৷ কালি নিশা প্ৰায় ১০ বজাত বিৰুবাৰীৰ বিশ্বজিৎ সৰকাৰে মদ্যপান কৰি ঘৰলৈ আহে৷ বিশ্বজিৎ সৰকাৰে মদ্যপান কৰি আহি ভাতৃ শংকৰ সৰকাৰৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হয়৷ প্ৰথমে তৰ্কা-তৰ্কি তাৰ পাছতে আক্ৰমণ-প্ৰত্যাক্ৰমতণ লিপ্ত হয় যদিও খঙত অগ্নিশৰ্মা হৈ সুৰাসক্ত বিশ্বজিৎ সৰকাৰে ভাতৃ শংকৰ সৰকাৰৰ ডিঙি আৰু পেটত ছুৰীৰে উপৰ্যুপৰি আক্ৰমণ কৰে। ফলত অত্যাধিক ৰক্তক্ষৰণ হৈ ঢলি পৰে শংকৰ সৰকাৰ৷ সংকটজনক অৱস্থাত পৰিয়ালে ততাতয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে যদিও শংকৰক মৃত ঘোষণা কৰে চিকিৎসকে। ঘটনা সংঘটিত কৰিয পলায়ন কৰা বিশ্বজিৎ সৰকাৰক পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে