
ৰাজ্যত পুনৰ স্থাপন হ’ল মেডিকেল কলেজ।
২০২৫ চনত গুৱাহাটীত স্থাপন কৰা হ’ব দ্বিতীয়খন মেডিকেল কলেজ।
বিধানসভাৰ শৰৎকালীন অধিৱেশনত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
গুৱাহাটীত স্থাপন কৰিবলগীয়া মেডিকেল কলেজখনৰ নাম হ’ব প্ৰাগজ্যোতিষ মেডিকেল কলেজ।
আনহাতে বঙাইগাঁও, চৰাইদেউতো স্থাপন হ’ব নতুন মেডিকেল কলেজ।
পৰ্যায়ক্ৰমে হাইলাকান্দি, গোৱালপাৰা, মাজুলীতো মেডিকেল কলেজ স্থাপনৰ ঘোষণা মুখ্যমন্ত্ৰীৰ।
একেদৰে মেডিকেল কলেজ স্থাপন কৰা হ’ব হোজাই, ডিমা হাছাওতো।