গুৱাহাটীৰ কোন কেইটা পথত চলাবি নোৱাৰিব ই-ৰিক্সা, জানিবলৈ ক্লিক কৰক এই বাতৰি

গুৱাহাটীৰ মুখ্য পথ আৰু দ্বৈত পথত ই-ৰিক্সাৰ চলাচল নিষিদ্ধ কৰাত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কামৰূপ মহানগৰ জিলা প্ৰশাসনেগ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা গুৱাহাটীৰ মুখ্য পথসমূহত ই-ৰিক্সা চলাব নোৱাৰিব৷ মুখ্য পথৰ সৈতে সংলগ্ন চ’কৰ পৰা দুটা এটা ভিতৰুৱা পথতহে ই-ৰিক্সা চলাব পাৰিব৷ গুৱাহাটী মহানগৰ প্ৰশাসনে এক কঠোৰ নিৰ্দেশ দি এখন তালিকা প্ৰকাশ কৰিছে৷ এই তালিকাত যি কেইটা পথ নিৰ্দিষ্ট কৰি দিয়া হৈছে সেই কেইটা পথতহে ই-ৰিক্সা চলাব পাৰিব চালকসকলে৷ ৰিক্সা চলোৱাৰ সময়ত পিন্ধিক লাগিব খাকী পোছাক৷ চালকৰ লগতে লাইচেন্স, চালকৰ পুলিচ ভেৰিফিকেচন জৰুৰী কৰা হৈছে. অন্যথাই জৰিমনা বিহা হ’ব৷ গুৱাহাটী ৰিফাইনেৰীৰ ছেক্টৰ-১, ছেক্টৰ-২, নিজৰাপাৰ৷ পানীখাইতী ৰে’লৱে ক্ৰছিঙৰ পৰা ডিগাৰুলৈ৷ ডিগাৰুৰ পৰা সোণাপুৰলৈ৷ সোণাপুৰ বজাৰৰ পৰা মৰগ দুলা, উৰাল, কমলাজাৰী, ১৪ মাইললৈ, সোণাইগাঁও সৰুটাৰি৷ জুৰিপাৰৰ পৰা সাত গাঁৱলৈ৷ পাঞ্জাবাৰী বাছস্থানৰ পৰা গুৱাহাটী পাব্লিক স্কুল, বতাহঘুলিলৈ৷ বাঘৰবৰী তিনিআলিৰ পৰা সাতগাঁও বুধবৰীয়া বজাৰলৈ৷ ক্ষেত্ৰী বজাৰৰ পৰা বেঙেনাবাৰী, শালনি, মালৈবাৰী, তেতেলীয়ালৈ৷ কইনাধৰাৰ পৰা পাটৰকুছিলৈ৷ বশিষ্ঠ মন্দিৰৰ পৰা গণেশনগৰ, বৰপথাৰলৈ৷ গড়চুকৰ পৰা পামহি, দীপৰ বিল, পাটগাঁও বিএছএফ কেম্প, ডিপিএছলৈ৷ সাতমাইলৰ পৰা অসম অভিযান্ত্রিক মহাবিদ্যালয় হৈ বিজ্ঞান আৰু প্রযুক্তিবিদ্যা প্রতিষ্ঠানলৈ৷ সুন্দৰবড়ীৰ পৰা সাতমাইল, বিজ্ঞান আৰু প্রযুক্তিবিদ্যা প্রতিষ্ঠানলৈ৷ পাটগাঁও বিএছএফ কেম্পৰ পৰা ৰাণী, একোলেণ্ডলৈ৷ এয়াৰপৰ্টৰ পৰা গড়ললৈ৷ ধাৰাপুৰৰ পৰা গড়ললৈ৷ এয়াৰপৰ্টৰ পৰা কাঁহিকুছিলৈ৷ মূলপথৰ পৰা উপ-পথৰ শেষ পইণ্টলৈ৷ দক্ষিণ গাঁৱৰ পৰা সোণাইঘুলিলৈ৷ হেঙেৰাবাৰী পাব্লিক হেল্থ চ’কৰ পৰা গাহৰিকটা চ’ক, জাপৰিগোগলৈ৷ লালমাটিৰ পৰা বৈকুণ্ঠপুৰলৈ৷ সিজুবাৰী মাজাৰৰ পৰা দক্ষিণ গাঁৱলৈ৷ পাথৰকুঁৱেৰীৰ পৰা সাতগাঁও, বাঘৰবৰী তিনিআলিলৈ৷ সাউকুছিৰ পৰা এনইএফ আইন মহাবিদ্যালয়লৈ হৈ ঘোৰামাৰালৈ৷ লালমাটিৰ পৰা এজি পইণ্টলৈ৷ এজি পইণ্টৰ পৰা জয়ানগৰৰ ৰিলায়েন্স মার্কেটলৈ৷ শেৱালি পথৰ পৰা মেঘমল্লাৰ কমপ্লেক্স হৈ নটবমালৈ৷ দাতালপাৰাৰ পৰা ছাউথ পইণ্ট স্কুললৈ৷ আদাবাৰী কাটিয়া দলঙৰ পৰা জয়মতী নগৰ হৈ পাণ্ডু পর্টলৈ৷ গণেশ টার্নিঙৰ পৰা জনকপুৰলৈ৷ খেৰাইকুছিৰ পৰা চন্দন নগৰ হৈ বেহাৰবাৰী, হকী ষ্টেডিয়াম হৈ সাউকুছিলৈ থকা পথত ই-ৰিক্সা চলাব পাৰিব৷ মুঠ ৩৪ টা উপ-পথত ই-ৰিক্সা চলাব পাৰিব৷

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে