
গুৱাহাটীঃ গুৱাহাটীৰ কৃত্ৰিম বানৰ বাবে জগৰীয়া ৰাজ্য চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহালৰ পৰিয়ালৰ কোম্পানী প্ৰটেক গ্ৰুপ।
শুকুৰবাৰে এই মন্তব্য কৰে আছাম পাব্লিক ৱৰ্কছ চমুকৈ এ পি ডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই।
গুৱাহাটীৰ ভয়াবহ কৃত্ৰিম বান সমস্যাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেঘালয় আৰু ইউ এছ টি এমক দোষী সজাই সংবাদ মাধ্যমত তাল-ফাল লগাই থকাৰ সময়তে প্ৰটেক গ্ৰুপৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছে অভিজিৎ শৰ্মাই।
অট্টালিকা নিৰ্মাণৰ সৈতে জড়িত অশোক সিংহালৰ পৰিয়ালৰ এই কোম্পানীটোৱে য’তেই অট্টালিকা সাজিছে, তাতেই কৃত্ৰিম বান সমস্যাৰ উদ্ভৱ হোৱা বুলি মন্তব্য কৰে শৰ্মাই।
প্ৰটেক গ্ৰুপ বৰ শক্তিশালী বুলি মন্তব্য কৰি অভিজিৎ শৰ্মাই লগতে কয় যে এই কোম্পানীটোৱে নিজা কামত গুৱাহাটী পৌৰ নিগমৰ গাড়ী ব্যৱহাৰ কৰে।
উল্লেখ্য যে, নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহালৰ পৰিয়ালৰ মালিকানাধীন প্ৰটেক গ্ৰুপ অট্টালিকা নিৰ্মাণক লৈ পূৰ্বেও বহুবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছিল।