আইৰ মুখৰ ভাষাটোক ভাষাটোক প্ৰাণৱন্ত কৰি ৰাখিবলৈ হ’লে ভাষাটোৰ চৰ্চা হ’ব লাগিব৷ বাছ যাত্ৰা, ৰে’ল যাত্ৰা, পাচলিৰ বজাৰ, চৰকাৰী কাৰ্যালয়ত ভাষাটো ব্যৱহাৰ হ’ব লাগিব৷ পাঠ্যক্ৰমত অসমীয়া বাধ্যতামূলক কৰাৰ লগতে ঘৰুৱা পৰিৱেশত ভাষাৰ ব্যৱহাৰ মজবুত হ’ব লাগিব৷ নিজ ভাষাৰ কবিতা, গল্প, সাহিত্যৰ সৃষ্টিত গুৰুত্ব দিব লাগিব৷ তেনেই এক মহৎ উদ্দেশ্যে লৈ গুৱাহাটীত গঠন হৈছে অসম ভাষা সুৰক্ষা সমিতি৷ ৰাজধানী গুৱাহাটীৰ বুকুৰ পৰা আৰম্ভ কৰা হৈছে ভাষা সুৰক্ষাৰ যাত্ৰা৷ গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত বিশেষ সভাত অসম ভাষা সুৰক্ষা সমিতি গঠন কৰা হয়৷ বিশিষ্ট কবি নীলিম কুমাৰক সভাপতি, সন্দীপ ছমৰীয়াক সাধাৰণ সচিবৰ দায়িত্ব প্ৰদান কৰা হয়৷ অসমীয়া ভাষা সুৰক্ষা সমিতি গঠন কৰাৰ লগতে ‘মোৰ ভাষা, মোৰ জননী’ গীত উন্মোচন কৰা হয়৷
হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ
হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা সাংসদ পাপ্পু যাদৱৰ। ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থীৰ সপক্ষে প্ৰচাৰ চলাবলৈ আজি ঝাৰখণ্ড ভ্ৰমণলৈ অহা সাংসদ পাপ্পু যাদৱে হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰে থকা-সৰকা কৰে ৷ অৱশ্যে…