
ইটোৰ পাছত সিটো অঘটন সংঘটিত হৈ আহিছে ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত৷ বিশেষকৈ নাৰীজনিত অপৰাধ বৃদ্ধি হোৱাৰ সময়তে পুনৰ এগৰাকী অধ্যয়নৰত ছাত্ৰীৰ ৰহস্যজনক মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে৷ মহানগৰীৰ পানীখাইতিৰ এটা ব্যক্তিগত হোষ্টেলৰ বাথৰুমত চুবুৰীয়া ৰাজ্যৰ ছাত্ৰীৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ পোৱা গৈছে৷ পানীখাইতিত ব্যক্তিগত হোষ্টেলৰ বাথৰুমত দেওবাৰে নিশা ছাত্ৰীগৰাকীয়ে নিজকে শেষ কৰাৰ সন্দেহ কৰা হৈছে৷ বাথৰুমত মৃতদেহ উদ্ধাৰৰ পাছতে স্থানীয় আৰক্ষীক খবৰ দিয়ে হোষ্টেল কৰ্তৃপক্ষই৷ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে৷ ছাত্ৰীগৰাকীৰ ঘৰ আছিল মিজোৰামত৷ পানীখাইতিস্থিত প্ৰতীক্ষা নাৰ্ছিং ইনষ্টিটিউটৰ জিএমএমৰ দ্বিতীয় বর্ষত অধ্যায়ন কৰি আছিল। ছাত্ৰীগৰাকীয়ে চৰম সিদ্ধান্ত গ্ৰহণৰ কাৰণ বৰ্তমানেও ৰাজহুৱা হোৱা নাই।