গুৱাহাটী বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহ, ২৫০ কৌটি টকাৰ অনুদান ঘোষণা

ৰাজ্যৰ শিক্ষাখণ্ডলৈ নতুন বার্তা কঢ়িয়াই আজি গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈ যায় দ্বাত্রিংশতম দীক্ষান্ত সমাৰোহ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৩০০ খনতকৈও অধিক মহাবিদ্যালয়ৰ সৰ্বমুঠ ৩৭৪৩ গৰাকী শিক্ষার্থীক এই অনুষ্ঠানৰ জৰিয়তে আনুষ্ঠানিকভাৱে সন্মানীয় ডিগ্রী প্ৰদান কৰা হয়। লগতে সৰ্বমুঠ ১৪৮ গৰাকী ব্যক্তিলৈ পি এইচ ডি ডিগ্রী আগবঢ়োৱা হয়। দীক্ষান্ত সমাৰোহৰ সভাপতিত্ব কৰে অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ সন্মানীয় আচার্য লক্ষ্মণ প্রসাদ আচার্য্যই। সন্মানীয় অতিথি হিচাপে উপষ্ঠিত থাকে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা। শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৱে নিজৰ ভাষণত তেখেতে ভাৰতৰ প্ৰাচুৰ্য্যময় ইতিহাস আৰু অসমৰ সোণোৱালী সভ্যতাক উপস্থাপন কৰি ৰাজ্য চৰকাৰে কিদৰে অসমৰ পূৰ্বৰ গৌৰৱ গৰিমা ঘূৰাই আনিবৰ বাবে অহর্নিশে কাম কৰিছে। অসমৰ শিক্ষাখণ্ডৰ প্ৰগতিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কিদৰে অহোপুৰুষাৰ্থ কৰিছে সেয়াও উল্লেখ কৰে। এখন শান্তিময়, সমৃদ্ধিশালী, প্ৰগতিৰ অসমৰ বাবে তেখেতৰ সপোনৰ বিষয়ে কৈ তেখেতে এইবুলি মতপোষণ কৰে যে এখন বিকশিত ভাৰতৰ এখন বিকশিত অসমক গঢ় দিবলৈ আৰু অর্থনৈতিক-সাংস্কৃতিক- শৈক্ষিক-বৌদ্ধিক আদি সকলো স্তৰৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰ দৃঢ়প্রতিজ্ঞ। বৌদ্ধিক- নৈতিক- সামাজিক ক্ষেত্রসমূহত আগভাগ লবলৈ বিশ্ববিদ্যালয়ৰ ছাত্রসমাজক আহ্বান জনায়। ভাষণৰ শেষত মুখ্যমন্ত্রী শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়লৈ আগন্তুক পাঁচবছৰৰ বাবে ২৫০ কৌটি টকাৰ অনুদান আগবঢ়ায়। ৰাইজক সম্বোধন কৰি অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্রসাদ আচার্য্যই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জ্ঞানী আৰু বিদ্বানসকলৰ বিষয়ে কোৱা শ্লোকৰ উদ্ধৃতি দি কয় যে শিক্ষাৰ জৰিয়তে মানুহে জীৱনৰ দুই মূল উদ্দেশ্য- জ্ঞান বিস্তাৰ আৰু চৰিত্ৰ নিৰ্মাণ সার্থক কৰিব পাৰে। ৰাজ্যৰ বৌদ্ধিক উন্নয়নৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রশংসা কৰি তেখেতে এই কথা উল্লেখ কৰে যে গুৱাহাটী বিশ্ববিদ্যালয়ে হৈছে নতুন শিক্ষানীতি ২০২০ প্ৰযোজ্য কৰা উত্তৰ পূৱৰ প্ৰথমখন বিশ্ববিদ্যালয়। তদুপৰি ই-সমৰ্থৰ দৰে ডিজিটেল মাধ্যমক আকোঁৱালি বিশ্ববিদ্যালয়ে নিজৰ প্ৰযুক্তিগত সক্ষমতাকেই প্রমাণ কৰিছে। দীক্ষান্ত সমাৰোহৰ কাৰ্যসূচীত বি বৰুৱা কৰ্কট প্ৰতিস্থানৰ প্ৰাক্তন সঞ্চালক ড০ অমল চন্দ্র কাকতীলৈ বিজ্ঞানৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী আগবঢ়ায়। ইয়াৰ লগতে টাই-খাস্টি ভাষা-সংস্কৃতিৰ বিশেষজ্ঞ তথা অৰুণাচল প্ৰদেশৰ উপমুখ্যমন্ত্রী চাওনা মেইনলৈ সন্মানীয় পি এইচ ডি ডিগ্রী আগবঢ়োৱা হয়। ইয়াৰোপৰি জেলক চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰৰ সঞ্চালক ড০ তপন কুমাৰ শইকীয়ালৈ সন্মানীয় পি এইচ ডি ডিগ্রী আগবঢ়োৱা হয়।

  • Related Posts

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

    গৌৰৱ গগৈৰ প্ৰেৰণাৎসূত বটল নিক্ষেপ? ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ গোলাঘাটত বটল নিক্ষেপৰ ঘটনাক লৈ ৰাজ্যজুৰি বিজেপিৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নানা অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে