
অসমৰ প্ৰজ্ঞাৰ বৰঘৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত বিদেশী মদ বিক্ৰীৰ দোকান খুলিবলৈ অনুমতি দিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আবকাৰী বিভাগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ওচৰত থকা এখন বাৰ আৰু ৰেষ্টুৰেণ্টক বিদেশী মদ বিক্ৰীৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাত ছাত্ৰ সমাজৰ লগতে স্থানীয় ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ বিশ্ববিদ্যালয় ছাত্ৰ সমাজ, প্ৰশাসনে তীব্ৰ আপত্তি জনাইছে। বিশ্ববিদ্যালয়ৰ মতে, এই ধৰণৰ মদৰ দোকানে শিক্ষাৰ পৰিৱেশ বিঘ্নিত কৰাৰ লগতে বিদ্যয়াতনিক পৰিৱেশ ধ্বংস কৰিব পাৰে৷ আবকাৰী বিভাগে গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ পাণ্ডু-সাদিলাপাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ বাইপাছ সংলগ্ন এলেকাত থকা এম/এছ এঞ্জলে বাৰ কাম ৰেষ্টুৰেণ্টক বিদেশী মদ বিক্ৰীৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে৷ প্ৰতিষ্ঠানখনৰ গৰাকী কাবেৰী দাসত লাইচেন্স প্ৰদান কৰিছে৷ বাৰখন সাদিলাপাৰ গাঁৱৰ দাগ নম্বৰ ৬৬৯ আৰু পট্টা নম্বৰ ৭৮ৰ অন্তৰ্গত কৰুণা দাসৰ মালিকানাধীন ভাড়াত লোৱা জমিত চলি আছে৷ তথাপি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ওচৰত মদৰ দোকান স্থাপন হোৱাত শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি কৰাত ১৩ আগষ্টত বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তক এখন পত্ৰ প্ৰেৰণ কৰিছিল৷ লগতে বিশ্ববিদ্যালয়ৰ ওচৰত মদৰ দোকান নিদিবলৈ ৰাইজে কৈ আহিছে। পত্ৰখনত উল্লেখ কৰা হয় যে এই ধৰণৰ দোকানে অনৈতিক কার্যকলাপ বৃদ্ধি কৰিব৷