গৃহমন্ত্ৰী শ্বাহৰ পদত্যাগ দাবী, মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

চুবুৰীয়া ৰাজ্য মণিপুৰত হত্যা-হিংসা বন্ধ কৰাৰ দাবীত আজি অসম প্ৰদেশ কংগ্ৰেছে দীঘলীপুখুৰীৰ পাৰত সন্ধিয়া ৫ বজাৰ পৰা মম জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। শ শ কংগ্ৰেছ কৰ্মীয়ে দীঘলীপুখুৰীৰ পাৰত প্ৰতিবাদ কৰি থকাৰ সময়তে আৰক্ষীয়ে কংগ্ৰেছ কৰ্মীসকলক আগুৱাই যোৱাত বাধা প্ৰদান কৰে আৰু তেতিয়াই কংগ্ৰেছৰ নেতা-কৰ্মীসকলে বিজেপি মূৰ্দাবাদ, নৰেন্দ্ৰ মোদী মূৰ্দাবাদ, গৃহমন্ত্ৰী অমিত শ্বাহে পদত্যাগ কৰক, মণিপুৰৰ বিজেপি চৰকাৰক বৰ্খাস্ত কৰক আদি ধ্বনি দিবলৈ আৰম্ভ কৰে। প্ৰতিবাদস্থলীত বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই কংগ্ৰেছ কৰ্মীসকলক নেতৃত্ব দিয়ে। দীঘলীপুখুৰীৰ পৰা হাতত মম লৈ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ফালে আগবাঢ়িছিল যদিও আৰক্ষীয়ে সমদলটোক আগবঢ়াত বাধা দিয়ে। বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই কংগ্ৰেছ কৰ্মীসকলক সম্বোধন কৰি কয় যে বিজেপিয়ে জনগোষ্ঠীসমূহৰ মাজত ভেদ-ভাৱ সৃষ্টি কৰি মণিপুৰক অশান্ত কৰি তুলিছে। মণিপুৰলৈ প্ৰধানমন্ত্ৰী কিয় নাহে বুলি প্ৰশ্ন কৰি শইকীয়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰত হৈ থকা হত্যা-হিংসাক গুৰুত্ব দিব নোখোজাতো দেশৰ সংবিধান বিৰোধী কথা। মণিপুৰত নাৰী আৰু শিশুৰ অধিকাৰ সম্পূৰ্ণৰূপে খৰ্ব হৈছে। মানৱ অধিকাৰৰ বধ্যভূমিত পৰিণত হৈ পৰিছে মণিপুৰ। প্ৰধানমন্ত্ৰীক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে দাবী জনাই বিৰোধী দলৰ নেতা শইকীয়াই। প্ৰতিবাদস্থলীত প্ৰাক্তন সাংসদ ৰিপুণ বৰা, আব্দুল খালেকেও বিজেপিৰ অপশাসনৰ ফলতেই মণিপুৰ আজি জ্বলি আছে বুলি অভিযোগ কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি পূৰ্ণকান্ত গগৈ, ৰূপা দেউৰী, জ্যেষ্ঠ নেতা বলীন কুলী, ৰামান্না বৰুৱা, বিপুল গগৈ, দ্বীপ বায়ন, প্ৰদ্যুৎ ভূঞা প্ৰমুখ্যে কংগ্ৰেছ নেতাসকল উপস্থিত থাকে। প্ৰতিবাদী সভাখনৰ আঁত ধৰে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই।

  • Related Posts

    কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন-কৰ্মচাৰী ফেডাৰেচনসমূহে আহ্বান দিয়া ৯ জুলাইৰ দেশজোৰা ধৰ্মঘটক সমৰ্থন

    আজি অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ উদ্যোগত বেলতলাস্থিত অমল প্ৰভা ভৱনত মটৰ শ্ৰমিকৰ ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হয়। অসম চৰকাৰে গ্ৰহণ কৰা অসম মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনিখন অতিশীঘ্ৰে…

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে