
গুৱাহাটীঃ বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ মাজতে পুনৰ উত্তৰ-পূবত গ্ৰেপ্তাৰ হ’ল অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী। ত্ৰিপুৰাৰ মাজেৰে ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰি অসমত উপস্থিত হোৱা তিনি বাংলাদেশী নাগৰিকক সোমবাৰে নিশা আটক কৰিবলৈ সক্ষম হয় অসম আৰক্ষীয়ে।
ধৃত বাংলাদেশী কেইজনক বাংলাদেশৰ ৰাজশ্বাহী জিলাৰ মহম্মদ আবু ছৈয়দ, আছাদুল ইছলাম আৰু মহম্মদ শ্বৰাৱৰ বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৃত বাংলাদেশী কেইজনৰ এজনৰ হাতত আছিল ভাৰতীয় আধাৰ কাৰ্ড। অনুপ্ৰৱেশকাৰীজনে পূৰ্বেও অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল বুলি আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে ছ’চিয়েল মিডিয়াযোগে তথ্য প্ৰকাশ কৰি লিখিছে, “অসম আৰক্ষীয়ে যোৱা নিশা ত্রিপুৰাৰ ফালৰ পৰা ভাৰতত প্রৱেশ কৰা তিনিজন বাংলাদেশী নাগৰিকক আটক কৰে৷” তেওঁ লগতে কয় যে লোককেইজনে কৰ্মসূত্ৰে চেন্নাইলৈ যোৱাৰ পৰিকল্পনা কৰিছিল।
ইফালে ধৃত বাংলাদেশী কেইজনক পৰৱৰ্তী সময়ত পুনৰ বাংলাদেশলৈ বিতাড়িত কৰা হয় বুলি জানিব পৰা গৈছে।