
আজি গোৱালপাৰাৰ হাচিলাবিলত গোৱালপাৰা জিলা প্ৰশাসনে চলোৱা অমানৱীয় আৰু নীতি বহিৰ্ভূত উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰিছে ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিয়ে। পুনৰ সংস্থাপন আৰু পৰ্যাপ্ত সময় অবিহনে বছৰ বছৰ ধৰি ভোগ দখল কৰি বসবাস কৰি অহা মানুহক এইদৰে অবৈধভাবে উচ্ছেদ কৰা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি সংগঠনটোৱে উল্লেখ কৰে। সংগঠনটোৰ অন্যতম আহ্বায়ক প্ৰণৱ দলে , দেৱব্ৰত শইকীয়া আৰু সুব্ৰত তালুকদাৰে এক প্ৰেছ বিবৃতিৰ জৰিয়তে কয় যে, কেৱল পুঁজিপতিক মাটি দিবলৈ বিজেপি চৰকাৰে দুখীয়া মানুহক বিশেষকৈ জনজাতীয় আৰু সংখ্যালঘূ মানুহক লক্ষ্য কৰি লৈছে। ইয়াৰ দ্বাৰা চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাও উলংঘা কৰিছে। কেৱল আৰু কেৱল মাত্ৰ দুজনমান পুঁজিপতি বণিয়াক উদ্যোগ স্থাপন কৰিবলৈ সুবিধা কৰি দিয়াৰ স্বাৰ্থত এইদৰে অসমৰ খাটি খোৱা মানুহৰ ঘৰ ভেটি উচ্ছেদ কৰিছে বুলিও সংগঠনটোৱে চৰকাৰক তীব্র সমালোচনা কৰে।