গো-পালকসকল ক্ষতিগ্ৰস্ত হ’ব, খাদ্যাভ্যাসক অপৰাধৰ শাৰীত পেলোৱাটো চৰম নিন্দনীয়

মুখ্যমন্ত্ৰী বিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে গোমাংস নিষিদ্ধ কৰাৰ ঘোষণাৰ পিছতে সপক্ষে-বিপক্ষে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৈছে দল-সংগঠনে৷ বিৰোধী বামপন্থী দল চিপিআইএমৰ ৰাজ্যিক এই সিদ্ধান্তক তীব্ৰ নিন্দা কৰিছে৷ চিপিআইএমে এক বিবৃতি যোগে কয় যে সকলোৰে জ্ঞাত যে অসমত পূৰ্বৰে পৰা বুজন সংখ্যক মুছলমানধৰ্মী লোক সংখ্যাগুৰু হিন্দুধৰ্মী লোকৰ সৈতে ওচৰা-ওচৰিকৈ বসবাস কৰি আহিছে৷ পাৰস্পৰিক সন্মান আৰু শান্তি-সম্প্ৰীতিৰে বসবাস কৰি অহা বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত খাদ্যক লৈ অশান্তি আৰু সংঘাতৰ ইতিহাস ৰাজ্যখনত নাই৷ কিন্তু বিষাক্ত সাম্প্ৰদায়িক ৰাজনীতিৰে পৰিচালিত বিজেপিয়ে ধৰ্মীয় মেৰুকৰণৰ লক্ষ্যৰে খাদ্যাভাসক ৰাজনীতিৰ বিষয় কৰি লৈ সাম্প্ৰদায়িক সংঘাত সৃষ্টিৰ বাবে ধাৰাবাহিকভাৱে প্ৰচেষ্টা চলাই আহিছে৷ এই লক্ষ্যৰেই অসম গো-সংৰক্ষণ আইন, ২০২১ প্ৰণয়ন কৰিছে৷ অথচ মুখ্যমন্ত্ৰীসহ বিজেপি নেতৃত্বই ভালকৈয়ে জানে যে অসমৰ বাস্তৱতাত এই আইন সম্পূৰ্ণভাৱে প্ৰয়োগ সম্ভৱেই নহয়৷ কাৰণ আইনখনত থকাৰ দৰে গৰুৰ কিনা-বেচা বন্ধ কৰিলে হিন্দু-মুছলমান গো-পালক সকলোৱে সাংঘাতিকধৰণে ক্ষতিগ্ৰস্ত হ’ব৷ কেৱল সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধিৰ স্বাৰ্থত এই আইন ঢাক-ঢোল বজাই প্ৰণয়ন কৰিলে৷ এতিয়া ৰাজহুৱা স্থানত আৰু সামাজিক অনুষ্ঠানত গো-মাংস নিষিদ্ধ কৰাৰ ঘোষণা হ’ল এই জঘন্য ৰাজনীতিকে আগবঢ়াই নিয়াৰ বাবে লোৱা প্ৰচেষ্টাৰে অংশবিশেষ৷ চিপিআইএমৰ ৰাজ্যিক কমিটিয়ে অসমৰ বিজেপি চৰকাৰৰ এনে বিপজ্জনক, প্ৰৰোচনামূলক আৰু সংঘাতকামী পদক্ষেপৰ তীব্ৰ নিন্দা কৰিছে৷ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ দ্বাৰা ৰাজ্যখনৰ জনসংখ্যাৰ প্ৰায় ৩৮ শতাংশ বা ১ কোটি ২০ লাখ মুছলমান আৰু খ্ৰীষ্টানধৰ্মী লোকৰ সাংবিধানিক অধিকাৰৰ ওপৰত চৰম আঘাত হানিছে৷ বিজেপি চৰকাৰে দৰাচলতে খাদ্যাভ্যাসক অপৰাধ হিচাপে চিহ্নিত কৰাৰ অপচেষ্টা কৰিছে৷ চিপিআইএমৰ ৰাজ্যিক কমিটিয়ে বিজেপি চৰকাৰৰ এনে চৰম সাম্প্ৰদায়িক আৰু ফেচীবাদী সিদ্ধান্তক তীব্ৰ গৰিহণা দিছে৷

  • Related Posts

    কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন-কৰ্মচাৰী ফেডাৰেচনসমূহে আহ্বান দিয়া ৯ জুলাইৰ দেশজোৰা ধৰ্মঘটক সমৰ্থন

    আজি অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ উদ্যোগত বেলতলাস্থিত অমল প্ৰভা ভৱনত মটৰ শ্ৰমিকৰ ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হয়। অসম চৰকাৰে গ্ৰহণ কৰা অসম মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনিখন অতিশীঘ্ৰে…

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে