গৌৰৱ গগৈৰ পাকিস্তান সংযোগ, পত্নী-দুই সন্তানৰ নাগৰিকত্ব, ধৰ্ম কি স্পষ্ট কৰাৰ দাবী মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ যােৰহাট সাংসদ গৌৰৱ গগৈক লক্ষ্য কৰি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ১০ ছেপ্তেম্বৰলৈ প্ৰমাণৰ কথা কৈয়ে তেওঁ গৌৰৱ গগৈৰ সৈতে জড়িত তিনিটা প্রশ্ন উত্থাপন কৰে৷

১. পাকিস্তান ভ্ৰমণৰ সত্যতাঃ গৌৰৱ গগৈই ১৫ দিন পাকিস্তানত কটোৱাৰ কথাক লৈ সন্দেহ প্রকাশ কৰি, তেওঁ ক্লেৰিটিকেশ্যন দাবী কৰিছে। মুখ্যমন্ত্ৰীয়ে কয়, “নামাজ পঢ়াৰ ধুনীয়া পদ্ধতি অসম বা ভাৰতত নিশিকিলে। পাকিস্তানত ১৫ দিন থাকি নেকি ই শিকিলে?”

২. পৰিয়ালৰ নাগৰিকত্ব আৰু ধৰ্মঃ গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানী এনজিঅ’ৰ পৰা দৰমহা লোৱা বুলি অভিযোগ কৰি, মুখ্যমন্ত্ৰীয়ে তেওঁৰ ল’ৰা-ছোৱালী দুয়োটিৰ নাগৰিকত্ব (ভাৰতীয় নে নহয়) আৰু ধৰ্মৰ বিষয়ে স্পষ্টীকৰণ বিচাৰিছে। তৰুণ গগৈৰ নাতিনীয়েককো “অসমীয়া বা ভাৰতীয় নহয়” বুলি কটাক্ষ কৰিছে।

৩. পাকিস্তানী সংস্থাৰ সৈতে আর্থিক সম্পৰ্ক: গৌৰৱ গগৈৰ পত্নীয়ে ভাৰতত কাম কৰিও পাকিস্তানৰ পৰা দৰমহা পোৱা বুলি কৈ, এইটোক “পাকিস্তানী এজেণ্ট” হোৱাৰ প্ৰমাণ বুলি অভিহিত কৰিছে।

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে গৌৰৱ গগৈৰ পৰিয়াল ভাৰতীয় নাগৰিক নহ’লে ই অসমৰ বাবে “লাজৰ বিষয়”। তেওঁ ১০ ছেপ্তেম্বৰত সকলো প্ৰমাণ আগবঢ়াব বুলি ঘোষণা কৰি কয়, “মুখ্যমন্ত্ৰী হিচাপে মই অসত্য নকওঁ। প্ৰমাণ নাথাকিলে পদত্যাগ কৰিম, কিন্তু অসমীয়াই সিদ্ধান্ত ল’ব।”

  • Related Posts

    গোৱালপাৰাৰ অমানৱীয় উচ্ছেদৰ তীব্ৰ বিৰোধিতা ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

    আজি গোৱালপাৰাৰ হাচিলাবিলত গোৱালপাৰা জিলা প্ৰশাসনে চলোৱা অমানৱীয় আৰু নীতি বহিৰ্ভূত উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰিছে ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিয়ে। পুনৰ সংস্থাপন আৰু পৰ্যাপ্ত সময় অবিহনে বছৰ বছৰ ধৰি ভোগ…

    বহিঃৰাজ্যৰ আৰএছএছ নেতাই অসমৰ পৰিবেশ বেয়া কৰিছে: মঙলদৈত গৌৰৱ

    দুদিনীয়া ভ্ৰমণসূচীৰ অংশ হিচাপে মঙলদৈত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ নৱ-নিযুক্ত সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে আজি কংগ্ৰেছ দলৰ এক বিশেষ সভাত অংশগ্ৰহণ কৰে। সভাত উপস্থিত নেতা-কৰ্মীসকলক উদ্দেশি কৰি তেওঁ বিজেপি, আৰএছএছ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু