
গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত কংগ্ৰেছ নেতা-কৰ্মীসকলে গৰুখুঁটি প্ৰকল্পত সংঘটিত দুর্নীতিৰ সঠিক তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰাৰ দাবী জনায়।
সংবাদ মাধ্যমৰ সৈতে কথা পাতোতে কংগ্ৰেছ নেতা হৰিপ্ৰসাদ শইকীয়া দাবী কৰে,
“গৰুখুঁটি প্ৰকল্পৰ সৈতে জড়িত সকলো মন্ত্ৰী, বিষয়া আৰু ৰাজনৈতিক নেতাই পদত্যাগ কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে অবিলম্বে এক স্বাধীন SIT গঠন কৰিবলৈ নিৰ্দেশ দিয়ক।”
প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰীৰ পত্নীয়ে খাদ্য প্ৰক্ৰিয়াকৰণ প্রকল্পৰ নামত ১০ কোটি টকাৰ ৰাজসাহায্য লাভ কৰিছে বুলি অভিযোগ উত্থাপন কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছৰ সভাপতি গোপাল শর্মাই কয়,
“গৰুখুঁটি প্ৰকল্পৰ উদ্দেশ্য আছিল দুধ উৎপাদনৰ বৃদ্ধি আৰু গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন। কিন্তু সেই ধনৰ এটা অংশ মাত্ৰই কৃষকলৈ গৈছে। অধিকাংশ ধন মন্ত্ৰী, বিষয়া আৰু তেওঁলোকৰ আত্মীয়-স্বজনৰ পকেটলৈ গৈছে। মুখ্যমন্ত্ৰীৰ পত্নীয়ে লাভ কৰা ১০ কোটি টকাৰ অনুদান সেই দৃষ্টান্ত।”
প্ৰতিবাদত অংশগ্ৰহণ কৰা যুৱ প্ৰতিবাদকাৰীৰ ভাষাত,
“যদি প্রকৃতপক্ষে নিবিদা আহ্বান কৰা হৈছিল, তেন্তে নিযুক্তি, ঠিকা কিয় unemployed যুৱসকললৈ নহ’ল? গোটেই ব্যৱস্থা এক আঁতৰ পৰিকল্পনাৰ অংশ।”
মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ নাম লৈও সরাসৰি কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে।
গোপাল শৰ্মাই মন্তব্য কৰে,
“আজি মন্ত্ৰিসকল নিজৰ স্বাৰ্থৰ বাবে কাম কৰিছে, ৰাজ্যবাসীৰ উন্নয়নৰ উদ্দেশ্য আঁতৰত থৈ দিয়া হৈছে।”
এই সকলোবোৰৰ মাজতে, গৰুখুঁটি প্ৰকল্পত অনা গুজৰাটৰ ৩০০ গীৰ গাইৰ ভিতৰত প্ৰায় ৯০ টা গাই মৃত্যুমুখত পৰাৰ ঘটনা আৰু ৰঙিয়া ৰে’ল ষ্টেচনৰ পৰা গাই অন্তৰ্ধান হোৱাৰ ঘটনায় তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে।
সাম্প্ৰতিক সময়ত উত্থাপন হোৱা একাধিক গম্ভীৰ অভিযোগৰ পটভূমিত চৰকাৰে যদি গা-গছা পৰিস্থিতি অব্যাহত ৰাখে, তেন্তে ৰাজনৈতিক চাপ আৰু ৰাজহুৱা ক্ষোভ আৰু বেছি হোৱাৰ সম্ভাৱনা স্পষ্ট।