
দৰমহাৰ টকাৰে পেট নভৰা আন এগৰাকী চৰকাৰী বিষয়াক গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই৷ মহিলা আৰক্ষী বিষয়াক ঘোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দুৰ্নীতি নিবাৰক শাখাৰ দলে৷ গৌৰীপুৰ আৰক্ষী থানাৰ মহিলা লেন্স নায়ক মমতা বৰ্মনক গ্ৰেপ্তাৰ কৰিছে৷ গৌৰীপুৰ আৰক্ষী থানাৰ যান-বাহন শাখাত কৰ্মৰত আছিল মমতা বৰ্মন৷ ১০ হেজাৰ টকা উৎকোচ লোৱাৰ সময়তে মহিলা লেন্স নায়কগৰাকী গ্ৰেপ্তাৰ হয়৷ জানিব পৰা মতে, গৌৰীপুৰ আৰক্ষী থানাৰ ১৯৯/২৫ নম্বৰত গোচৰত বাহনৰ মালিকৰ পৰা ধন দাবী কৰিছিল৷ এজন লোকৰ দুৰ্ঘটনাগ্ৰস্ত বাহন আৰক্ষীয়ে জব্দ কৰিছিল৷ জব্দ কৰা বাহনখনত জিম্মাত দিবৰ বাবে ১০ হেজাৰ টকা দাবী কৰিছিল লেন্স নায়ক মমতা বৰ্মনে৷ লোকজনে ১০ হাজাৰ টকা দিবলৈ সন্মত হয়৷ আজি দিয়াৰ দিন ঠিক কৰি দুৰ্নীতি নিবাৰক শাখাক খবৰ দিয়ে৷ দুৰ্নীতি নিবাৰক শাখাৰ লোকৰ সন্মুখতে টকা লোৱাৰ সময়তে গ্ৰেপ্তাৰ হয়৷