
অসম বিজেপিৰ জ্যেষ্ঠ নেতা তথা নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই আজি আনুষ্ঠািকভাৱে দল ত্যাগ কৰিছে। দীৰ্ঘদিনে দলৰ কেন্দ্ৰীয় নেতৃত্ব আৰু ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে অসন্তুষ্ট অশোক শৰ্মাই আনুষ্ঠানিকভাৱে বিজেপি ত্যাগ কৰে।
ৰাজ্যিক বিজেপি কাৰ্যালয়ত পদত্যাগ পত্ৰ দাখিল কৰে অশোক শৰ্মাই। পূৰ্বে কৰা ঘোষণা মতে, ৯ আগষ্টত কংগ্ৰেছত যোগদান কৰিব অশোক শৰ্মাই।
পদত্যাগ পত্ৰ দাখিল কৰা চলচলীয়া চকুলোৰে ওলাই আহি লাঞ্চনাৰ অভিযোগ আনে৷ শৰ্মাই মই বিজেপিৰ ভাল দিনত আত্মৰক্ষাৰ বাবে দল এৰিছো বুলি কয়।