ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত এগৰাকী ব্যৱসায়ীৰ ৰহস্যজনক মৃত্যুৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ গুৱাহাটীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা কুমাৰ ইঞ্জিনীয়াৰিঙৰ স্বত্বাধিকাৰী কুমাৰ গৌৰৱৰ মৃতদেহ নুনমাটি বাসগৃহত ৰহস্যজনক অৱস্থা আজি উদ্ধাৰ হৈছে৷ ব্যৱসায়ীজনৰ মৃতদেহ উদ্ধাৰৰ পাছতে গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
জানিব পৰা মতে, কুমাৰ গৌৰৱে নিশা চতুৰ্থ পত্নীৰ সৈতে নুনমাটিৰ বাসগৃহত আছিল। কিন্তু আজি দিনৰভাগত কুমাৰ গৌৰৱৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয়৷ মৃতদেহ উদ্ধাৰৰ পাছতে আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ তৃতীয় পত্নীয়ে চমজি লয়। কুমাৰ গৌৰৱৰ তৃতীয় পত্নীয়ে চতুৰ্থ পত্নীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনে৷
চতুৰ্থ পত্নীয়ে কুমাৰ গৌৰৱক মানসিকভাৱে হাৰাশাস্তি কৰি মৃত্যু মুখলৈ ঠেলি দিয়াৰ অভিযোগ আনে কয় যে মোৰ সৈতে হোৱা শেষ কথোপকথনত এইজনীয়ে মোৰ মাথা খাই দিছে বুলি কোৱা বুলি তৃতীয় পত্নীয়ে অভিযোগ আনে৷ ঘটনাৰ উচিত তদন্ত কৰিবলৈ আৰক্ষীক দাবী জনাই তৃতীয় পত্নীয়ে।