চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

অভিনেতা ৰশ্মিকা মান্দান্নাক চাইবাৰ সুৰক্ষাৰ প্ৰচাৰৰ বাবে ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ নিযুক্তি দিয়া হৈছে৷ যোৱা বছৰ অনলাইনত প্ৰচাৰিত এটা ভুৱা এআই ভিডিঅ’ৰ দ্বাৰা ৰশ্মিকা মান্দান্নাক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল৷ এনে ঘটনাৰ অভিজ্ঞতাপুষ্ট ৰশ্মিকাক চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ নিযুক্তি দিয়া হৈছে। ৰশ্মিকাই অভিজ্ঞতাক সাৰথি কৰি চাইবাৰ বিপদ সম্পৰ্কে সজাগতা সৃষ্টি আৰু অনলাইন সুৰক্ষাৰ হকে প্ৰচাৰ কৰিব৷ মঙলবাৰে, গৃহ মন্ত্ৰালয়ৰ ভাৰতীয় চাইবাৰ ক্ৰাইম সমন্বয় কেন্দ্ৰই ৰশ্মিকাৰ নিযুক্তিৰ কথা প্ৰকাশ কৰে। ব্ৰেণ্ড এম্বেছাদৰ ৰশ্মিকাই অনলাইন প্ৰৱঞ্চনা, ডিপফেক ভিডিঅ’, চাইবাৰ উৎপীড়ন, আৰু ক্ষতিৰ কথাক লৈ প্ৰচাৰ চলাব৷ এআই উৎপন্ন সমলকে ধৰি বিভিন্ন অনলাইন ভাবুকিৰ বিষয়ে জনসাধাৰণক শিক্ষিত কৰাৰ বাবে ৰাষ্ট্ৰীয় অভিযানক নেতৃত্ব দিব।

  • Brahmaputra Times

    Related Posts

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    ডিজিটেল ডেস্কঃ   কোন হ’ব শাসকীয় বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় অধ্যক্ষ? ইতিমধ্যে কাৰ্যকাল শেষ হৈছে জে পি নড্ডাৰ। নাড্ডাক ইতিমধ্যে নৰেন্দ্ৰ মোডীয়ে তেওঁৰ তৃতীয় কাৰ্যকালৰ মন্ত্ৰীসভাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হিচাপে দায়িত্ব দিছে।…

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    ডিজিটেল ডেস্কঃ  অশান্ত মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে মঙলবাৰে ৰাজধানী নতুন দিল্লীত গৃহ মন্ত্ৰালয়ৰ তত্বাবধানত মণিপুৰৰ মেইটেই, কুকি আৰু নগা সম্প্ৰদায়ৰ বিধায়কসকল একলগ হৈ এক বৈঠকত মিলিত হয়। ৰাজ্যখনৰ ভূমি আৰু…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক