চাঞ্চল্যকৰ! মাতৃৰ মৃত্যুৰ পিছত আঢ়ৈ লাখ টকাত বিক্ৰী নৱজাতকক, আৰক্ষীয়ে ভেদ কৰিলে ৰহস্য

ডিজিটেল ডেস্কঃ মাতৃৰ মৃত্যুৰ পিছত আঢ়ৈ লাখ টকাত বিক্ৰী কৰা হ’ল নৱজাতকক। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত। শেহতীয়াকৈ গ্ৰেটাৰ নয়ডাৰ জেৱাৰ কটৱালীত এগৰাকী অন্তঃসত্বা মহিলাৰ মৃত্যুৰ ৰহস্য আৰক্ষীয়ে ভেদ কৰাৰ সমান্তৰালভাৱে মহিলাগৰাকীয়ে জন্ম দিয়া নৱজাতক দেশশিশুটি বিক্ৰীৰ বিস্ফোৰক তথ্যও পোহৰলৈ আনে।

উল্লেখ্য যে, ১৫ আগষ্টত নিৰুদ্দিষ্ট হোৱাৰ অভিযোগ দাখিল কৰা এগৰাকী অন্তঃসত্বা মহিলাৰ মৃতদেহ পিছত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল বুলন্দশ্বহৰৰ অনুপস্থিত এখন ব্যক্তিগত চিকিৎসালয়ৰ কাষৰ নলাত। কিন্তু মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ সময়ত তেওঁৰ গৰ্ভত নাছিল সন্তানটো।

ইয়াৰ পিছতে আৰক্ষীয়ে অধিক অনুসন্ধান চলাই মহিলাগৰাকীৰ নৱজাতক সন্তানটোক ফৰিদাবাদৰ এহাল দম্পতীক বিক্ৰী কৰাৰ তথ্য লাভ কৰে। আৰক্ষীয়ে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক মন্তব্য প্ৰদান কৰা নাই যদিও সূত্ৰ অনুসৰি শিশুটিক আঢ়ৈ লাখ টকাত দম্পতীহালক বিক্ৰী কৰা হৈছিল।

মন কৰিবলগীয়া যে, ৬ আগষ্টৰ পৰা সন্ধানহীন হৈ থকা স্বামীহীনা মহিলাগৰাকীক অন্তঃসত্বা কৰিছিল চুবুৰীৰে এজন যুৱকে। এই বিষয়ে যুৱকজনে জানিব পাৰি পিছত কেইজনমান বন্ধুৰ সহায়ত মহিলাগৰাকীক গৰ্ভপাতৰ বাবে গোপনে বুলন্দশ্বহৰৰ অনুপত অৱস্থিত এখন ব্যক্তিগত হাস্পতাললৈ লৈ আনে। তাতেই এটি সন্তান জন্ম দিয়াৰ পিছত মৃত্যু ঘটে মহিলাগৰাকীৰ। ইয়াৰ পিছত মহিলাগৰাকীৰ মৃতদেহ হাস্পতালৰ কাষৰে এটা নলাত পেলাই দি শিশুটিক আন এহাল দম্পতীক বিক্ৰী কৰে অভিযুক্ত কেইজনে।

এই ঘটনাৰ তদন্তৰ সময়ত ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত যুৱকজনৰক লগতে চিকিৎসক আৰু চিকিৎসকৰ দুই সহযোগীক গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে অভিযুক্ত যুৱকজনৰ আন এজন সহযোগীক এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে।

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে