

ডিজিটেল ডেস্কঃ প্ৰতিদিনে পোহৰলৈ আহিছে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মহিলা চিকিৎসকৰ ওপৰত সংঘটিত বৰ্বৰতা কাণ্ডৰ ন ন তথ্য। ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা মহিলা চিকিৎসকগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি কেইবাবাৰো বলাৎকাৰৰ বলি হৈছিল মৃত মহিলা চিকিৎসকগৰাকী। কেৱল এয়াই নহয়, মহিলা চিকিৎসকগৰাকীৰ মৃতদেহত আঘাতৰো চিন পোৱা গৈছে। তেওঁৰ বিৰুদ্ধে কিমান নিৰ্মমভাৱে যৌন অপৰাধ সংঘটিত হৈছিল সেই কথা মৰোণত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে।
পিটিআইৰ মতে, প্ৰতিবেদনত ভুক্তভোগীৰ মৃত্যু ‘হত্যা’ আৰু ‘এণ্টিমৰ্টেম’ৰ গোচৰ বুলিও উল্লেখ কৰা হৈছে। ইয়াৰ দ্বাৰা হত্যাকাণ্ডৰ পিছতো ভুক্তভোগীক ধৰ্ষণ কৰা হৈছিল বুলি কৰা দাবী নস্যাৎ কৰা হয়। সহজ ভাষাত ‘এণ্টিমৰ্টেম’ৰ অৰ্থ হ’ল এনে কাম যিটো কাৰোবাৰ মৃত্যুৰ ঠিক আগতেই কৰা হয়। প্ৰতিবেদনত কোৱা হৈছে যে হত্যাৰ উদ্দেশ্যেৰে হোৱা আঘাতসমূহ মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল, যিয়ে যৌন নিৰ্যাতনৰ ইংগিত দিয়ে। অৰ্থাৎ ভুক্তভোগীক জোৰ-জবৰদস্তি কৰা হৈছিল।
মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে মহিলা চিকিৎসকগৰাকীৰ মৃত্যুৰ সময় পুৱা ৩ বজাৰ পৰা ৫ বজাৰ ভিতৰত সংঘটিত হৈছিল। তল আৰু ওপৰৰ ওঁঠ, নাক, গাল আৰু তল পেটকে ধৰি শৰীৰত বাহ্যিকভাৱে আঘাতৰ চিন স্পষ্ট আছিল। তেওঁৰ মূৰৰ লাওখোলাৰ টেম্প’ৰেল হাড়ত হোৱা আঘাত আৰু মূৰৰ খোলাৰ আগফালৰ অংশত তেজ জমা হোৱাৰ বিষয়েও তথ্য দিয়া হৈছে। ইণ্ডিয়া টুডেৰ বাতৰি অনুসৰি, ভুক্তভোগী মহিলাগৰাকীৰ মুখ বন্ধ কৰি মূৰটো বেৰত হেঁচা মাৰি ধৰিছিল ধৰ্ষণকাৰীয়ে, যাতে সহায় বিচাৰি চিঞৰিব নোৱাৰে।
আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সুৱৰ্ণা গোস্বামীয়েও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দেখিছে। তেওঁ দাবী কৰে যে প্ৰতিবেদনত ইংগিত পোৱা গৈছে যে মহিলা চিকিৎসকগৰাকীৰ সৈতে একাধিকবাৰ ধৰ্ষণ কৰা হৈছিল।
তেওঁ কয় যে ভুক্তভোগীগৰাকীক কেনেদৰে নৃশংস ব্যৱহাৰ কৰা হৈছিল তাৰো এই প্ৰতিবেদন প্ৰমাণ। তাত এজনতকৈ অধিক ব্যক্তি আছিল আৰু তেওঁ এবাৰতকৈ অধিক যৌন হিংসাৰ বলি হৈছিল। ইফালে একাধিকবাৰ ধৰ্ষণ কৰাৰ পিছত ডিঙি চেপি হত্যা কৰা হৈছিল মহিলা চিকিৎসকগৰাকীক।