
গুৱাহাটী মহানগৰীৰ চানমাৰিৰ গোস্বামী ছাৰ্ভিছ এলেকাত আজি ভয়ংকৰ কাণ্ড সংঘটিত হয়৷ ফ্লাইঅ’ভাৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। নিৰ্মাণস্থলীত কৰ্মৰত ছাইবুল হক নামৰ শ্রমিকজন বৈদ্যুতিক তাৰৰ সৈতে সংস্পৰ্শত আহি ভয়ংকৰভাৱে আহত হয়৷ সংকটজনক অৱস্থাত থকা ছাইবুলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। স্থানীয় ৰাইজে নিৰ্মাণস্থলীত নিৰাপত্তা ব্যৱস্থাৰ অভাৱক লৈ গভীৰ চিন্তা প্ৰকাশ কৰিছে৷ কামৰ দায়িত্বত থকা ঠিকাদাৰে নিৰাপত্তাৰ ব্যৱস্থা নকৰাৰ অভিযোগ আনে৷ শ্ৰমিক আঘতপ্ৰাপ্ত হোৱাৰ পিছতো ঠিকাদাৰৰ লোকক ঘটনাস্থলীত উপস্থিত হোৱা নাছিল। স্থানীয় ৰাইজে ঘটনা সংঘটিত হোৱাৰ পিছতে চানমাৰি আৰক্ষীক বহুবাৰ ফোন কৰিছিল৷ কিন্তু কোনো সঁহাৰি পোৱা নাছিল। কেৱল অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীলৈ আহি শ্ৰমিকজনক উদ্ধাৰ কৰে।
ভবিষ্যতে এনে ঘটনা যাতে নঘটে তাৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰে ৰাইজে৷ ফ্লাইঅ’ভাৰ নিৰ্মাণত ব্যৱহৃত ৰডসমূহ বৈদ্যুতিক তাৰত লাগি বিপজ্জনক অৱস্থা আছে।