
ধুবুৰী জিলাৰ চাপৰত ৰাজ্য চৰকাৰে আৰম্ভ কৰা অসমৰ ইতিহাসৰ আটাইতকৈ বৃহৎ উচ্ছেদ অভিযান আজি দ্বিতীয় দিনটোও অব্যাহত থাকে। অধিকাৰিক তথ্য অনুসৰি ইতিমধ্যে ২ হাজাৰ বিঘাতকৈ বেছি ভূমিত উচ্ছেদ সম্পন্ন কৰা হৈছে। আদানি গ্ৰুপক ৩৫০০ বিঘা ভূমি প্ৰদানৰ লক্ষ্যেৰে এই অভিযান চলাইছে চৰকাৰে।
চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চিৰাকুটা, চৰুৱাবাখৰা আৰু সন্তোষপুৰ অঞ্চলত আজিও হাজাৰ হাজাৰ আৰক্ষী আৰু জে চি বি মেচিনেৰে ব্যাপক উচ্ছেদ অভিযান চলাইছে। বহু লোক ঘৰ-দুৱাৰ হেৰুৱাই গৃহহীন হৈ পৰিছে। প্ৰায় ১০৬৯টা পৰিয়াল উচ্ছেদ কৰা হৈছে, যাৰ ফলত প্ৰায় ২০ হাজাৰ লোক ভূমিহীন হোৱাৰ আশংকা সৃষ্টি হৈছে।
ইতিমধ্যে উচ্চ মাধ্যমিক বিদ্যালয়, প্ৰাথমিক বিদ্যালয়, মন্দিৰ, মছজিদ ধ্বংস কৰাৰ ঘটনাই সৃষ্টি কৰিছে গভীৰ অসন্তোষ আৰু হৃদয়বিদাৰক পৰিস্থিতি। বহু বৃদ্ধ-বৃদ্ধাই নিজৰ ঘৰ ধ্বংস হোৱাৰ দৃশ্য দেখি মাটিত বাগৰি কান্দি উঠিছে।
ইয়াৰ মাজতেই আদানি গোটৰ অধ্যক্ষ গৌতম আদানীৰ পুত্ৰ জিৎ আদানীয়ে নিজে এলাকা পৰিদৰ্শন কৰি চিৰাকুটা, চৰুৱাবাখৰা আৰু সন্তোষপুৰ অঞ্চলক প্ৰস্তাৱিত তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে নিৰ্বাচন কৰিছে।
দেশী জনগোষ্ঠীৰ ওপৰত প্ৰভাৱ : সংগঠনৰ তীব্ৰ প্ৰতিবাদ
এই উচ্ছেদত থলুৱা দেশী, গৰিয়া, মৰিয়া জনগোষ্ঠীৰ বহু পৰিয়াল প্ৰভাৱিত হৈছে। সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ আৰু দেশী জনগোষ্ঠীয় মঞ্চ, অসমে উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰিছে। তেওঁলোকে দাবী কৰিছে, “যুগ যুগ ধৰি বসবাস কৰা খিলঞ্জীয়া দেশী জনগোষ্ঠীক উচ্ছেদ কৰা সাংবিধানিক অন্যায়।”
ইয়াৰ বাবে বিজনী, গোৱালপাৰা, লখিমপুৰ আদি জিলা প্রশাসনৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰদান কৰা হয়। দেশী মঞ্চৰ কেন্দ্ৰীয় সভাপতি ইছলামুল এইচ মণ্ডলে মুখ্যমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰি ডি-ভোটাৰ আৰু বিদেশী ন্যায়াধিকৰণত চলি থকা গোচৰ স্থগিত ৰখাৰ লগতে উচ্ছেদ কৰা দেশী পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ দাবী জনায়।
মুখ্যমন্ত্ৰীৰ আশ্বাস
স্মাৰক পত্ৰ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশী জনগোষ্ঠীৰ ওপৰত সন্দেহভাজন নাগৰিক (ডি-ভোটাৰ) ৰূপে চলি থকা গোচৰ সমূহ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। লগতে গোৱালপাৰাৰ ৰংজুলী ৰাজহ চক্ৰৰ অধীনত যিসকল দেশীক জাননী দিয়া হৈছিল, তেওঁলোকক উচ্ছেদ নকৰাৰ আশ্বাস দিয়ে।
উচ্ছেদৰ পাছত ক্ষতিপূৰণ
প্ৰশাসন মতে, প্ৰত্যেক উচ্ছেদিত পৰিয়ালক ৫০ হাজাৰ টকা ক্ষতিপূৰণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে, যদিও বহু পৰিয়ালে ক্ষোভ প্ৰকাশ কৰি কয় – “ঘৰ-দুৱাৰ, শস্য-পহু, ঘৰজেৰা ভাঙি পেলাই ৫০ হাজাৰটোৱে কি হ’ব?“
ইপিনে, কাইলৈ পুনৰ উচ্ছেদ চলিব বুলি আৰক্ষী আৰু প্ৰশাসন সূত্ৰে জানিবলৈ পোৱা গৈছে। সঘনাই উচ্চপদস্থ বিষয়া, সশস্ত্ৰ বাহিনীৰ উপস্থিতে চিৰাকুটা, সন্তোষপুৰ, আৰু চৰুৱাবাখৰা অঞ্চল ঘেৰাও কৰি ৰাখা হৈছে।