চামগুৰিত প্ৰাক-নিৰ্বাচনী হিংসাক লৈ অভিযোগ-প্ৰতিভিযোগ, কংগ্ৰেছৰ ৰেলীত বিজেপি কৰ্মীৰ আক্ৰমণ

কংগ্ৰেছ-বিজেপিয়ে দলীয় প্ৰাৰ্থী ঘোষণা নকৰিলেও চামগুৰিত প্ৰাক-নিৰ্বাচনী হিংসা আৰম্ভ হৈছে। বিগত দুটা দশক ধৰি চামগুৰি হৈ উঠে নিৰ্বাচনী হিংসাৰ অভিকেন্দ্ৰ। আজি চামগুৰিৰ কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী তথা সাংসদ ৰকিবুল হোছেইনৰ তনয় তানজিল হুছেইনৰ সমৰ্থনত উলিওৱা বিশাল ৰেলী পৰিণত হয় কংগ্ৰেছ-বিজেপিৰ মুকলি ৰণক্ষেত্ৰ। ৰূপহী আৰু জুৰীয়াৰ বহু কংগ্ৰেছ কৰ্মীয়ে ৰেলীত অংশগ্ৰহণ কৰে আৰু ৰূপহীহাট সমষ্টিৰ নাঙলধোঁৱাৰ বৰতলত অগপ নেতা তথা প্ৰাক্তন পঞ্চায়ত সভাপতি মজিবুৰ ৰহমানৰ বাসগৃহৰ সন্মুখত সৃষ্টি হয় মুকলি সংঘৰ্ষ। কংগ্ৰেছ কৰ্মীসকলে তানজিল হুছেইনৰ সমৰ্থনত শ্ল’গান দি আগবাঢ়ি গৈ থাকোতে হাতে হাতে বাঁহ, লাঠি আদি লৈ বিজেপি কৰ্মী জপিয়াই পৰে কংগ্ৰেছী সমৰ্থকৰ ওপৰত। নিমিষতে ৰণক্ষেত্ৰত পৰিণত হয় নগাঁও-নলতলী ৰাজ্যিক ঘাইপথ। কংগ্ৰেছে কৰ্মীসকলেও প্ৰত্যাক্ৰমণ কৰে। দুয়োটা দলৰ কৰ্মী-সমৰ্থকৰ সংঘৰ্ষই ভয়াৱহ ৰূপ ধাৰণ কৰে। ৰেলীত অংশগ্ৰহণ কৰা বিধায়িকা শিৱামণি বৰা আৰু বিধায়ক নুৰুল হুদাৰ বাহনো সাৰি নগ’ল বিজেপি কৰ্মীৰ আক্ৰমণৰ পৰা।কংগ্ৰেছ-বিজেপি কৰ্মীৰ সংঘৰ্ষত বহু কেইখন বাইক আৰু চাৰিচকীয়া বাহন ভাঙি চুৰমাৰ হয়। আহত হয় উভয় দলৰ কেবাজনো সমৰ্থক। উভয় পক্ষৰ মাজত মুকলি সংঘৰ্ষ অব্যাহত থকাৰ সময়ত ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীত কুমাৰ ৰয় আৰু কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তৰ লগতে আৰক্ষী-অৰ্ধসামৰিক বাহিনী উপস্থিত হয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইপিনে সাংসদ ৰকিবুল হুছেইনে এনে কাণ্ডক তীব্ৰ ভাষাত গৰিহণা দি বিজেপি কৰ্মী নহয় একাংশ মদাহী ও ডকাইতে কংগ্ৰেছ কৰ্মী আৰু বিধায়কক আক্ৰমণ কৰিছে বুলি কয়। কংগ্ৰেছৰ উত্থান দেখি বিজেপিয়ে হিংসাত্মক ঘটনা সংঘটিত কৰা বুলি অভিযোগ তুলিছে সাংসদগৰাকীয়ে। বিধায়য়িকা শিৱামণি বৰাসহ বহু কেইজন লোক আঘাতপ্ৰাপ্ত হৈছে বুলি মন্তব্য কৰে সাংসদ হুছেইনে। আৰক্ষী প্ৰশাসনে এইক্ষেত্ৰত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে বুলি অভিযোগ তুলিছে সাংসদ হুছেইনে। বিধায়ক নুৰুল হুদাই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিধায়ক হুদাই কয় যে কংগ্ৰেছৰ ৰেলীলৈ আহি থকা অৱস্থাত বিজেপিৰ এদল উন্মাদ কৰ্মীয়ে কংগ্ৰেছৰ বাহন ওপৰত আক্ৰমণ কৰিছে। এচাম সমাজ বিৰোধী লোকক সংগঠিত কৰি একালৰ কংগ্ৰেছী ঠিকাদাৰ তথা বৰ্তমানৰ অগপ নেতা মজিবুৰ ৰহমানৰ ছত্ৰছায়াত আক্ৰমনৰ ঘটনা সংঘটিত হোৱা বুলি বিধায়ক হুদাই অভিযোগ আনিছে। এচাম কুখ্যাত ডকাইতে চোকা অস্ত্ৰৰে সুসজ্জিত হৈ কংগ্ৰেছ কৰ্মীক আক্ৰমণ কৰিবলৈ ওলাই অহা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক হুদাই৷ বিজেপিৰ গুণ্ডাৰাজক এইবেলি চামগুৰি ৰাইজে উচিত এসেকা দিব বুলি আশা প্ৰকাশ কৰে বিধায়ক হুদাই। আনহাতে বিধায়ক জিতু গোস্বামীয়ে সাংসদ হুছেইনক হতাশাগ্ৰস্ত নেতা বুলি আখ্যা দি কয় যে ৰকিবুলে চামগুৰিত সন্ত্ৰাস সৃষ্টি কৰি আহিছে। কংগ্ৰেছ সমৰ্থকে নিজে গাড়ী ভাঙি বিজেপিৰ ওপৰত দোষ জাপি দিয়া বুলি অভিযোগ তুলিছে বিধায়ক গোস্বামীয়ে। বিজেপিৰ সম্ভাব্য প্ৰাৰ্থী দীপ্লু ৰঞ্জন শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ৰকিবুলে পুত্ৰক চামগুৰিৰ ৰাজপুত্ৰ বনাব খুজিছে। শৰ্মাই এইবুলি অভিযোগ তুলিছে যে কংগ্ৰেছে ধুবুৰী, গোৱালপাৰা, লাহৰীঘাট, হোজাই আৰু ৰূপহীহাটৰ পৰা গুন্ডা বাহিনী আনি বিজেপি কৰ্মীৰ ওপৰত আক্ৰমণ সংঘটিত কৰিছে। আজিৰ ৰেলীত অংশগ্ৰহণ কৰা ৭০ শতাংশ লোকেই চামগুৰিৰ বাহিৰৰ পৰা ভাড়া কৰি আনিছিল কংগ্ৰেছে।

  • Brahmaputra Times

    Related Posts

    চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

    ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

    ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

    ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক