চামগুৰি সমষ্টিৰ ৩৩টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ দাবী তাঞ্জিল হুছেইনৰ

আজি চামগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তথা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন এক পত্ৰ যোগে এই অভিযোগ উত্থাপন কৰিছে৷ তাঞ্জিল হুছেইন ৩৩টা কেন্দ্ৰ নাম উল্লেক কৰি এই ৩৩টা সমষ্টিত ৰেগিং সংঘটিত হোৱাৰ অভিযোগ আনে৷ আজি তাঞ্জিল হুছেইন চামগুৰি সমষ্টি ৰিটাৰ্ণিং বিষয়াক পত্ৰ প্ৰদান কৰি ৩৩টা কেন্দ্ৰত ভোটগ্ৰহণৰ দাবী উত্থাপন কৰিছে৷ কংগ্ৰেছৰ এজেণ্টৰ ভাষ্যৰ ভিত্তিত এজেণ্টৰ নাম উল্লেখ কৰি ৰিগিং কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে৷ পত্ৰখনত বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ নাম স্পষ্টকৈ উল্লেখ কৰিছে হুছেইনে৷ বিজেপিৰ নেতা কৰ্মীয়ে ভোটকেন্দ্ৰত ব্যাপক ৰিগিং কৰাৰ লগতে ভোটাৰক ঘৰৰ পৰা ওলাই আহিব দিয়া নাই বুলি অভিযোগ আনে৷ নিৰ্বাচনী আচৰণ বিধা উলংঘা কৰাৰ দাবী উত্থাপন কৰি ৰেগিং সংঘটিত হোৱা ৩৩ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ দাবী উত্থাপন কৰিছে৷ ৩৩টা ভোট কেন্দ্ৰত পুনৰ ভোট গ্ৰহণ বিচাৰি নিৰ্বাচনী বিষয়াক আবেদন জনাইছে চামগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনে৷ সমষ্টিটোৰ ৬নং ভগামুখ মোক্তাব স্কুল, ৫নং ভগামুখ মোক্তাব স্কুল, ৬নং পশ্চিম শালপাৰা মোক্তাব স্কুল, ৪০নং পুঠিখাইতি প্ৰাথমিক বিদ্যালয় কেন্দ্ৰ, ৪১ নং পুঠিখাইতি পশ্চিম খণ্ড, ৮৮নং কুশল কোঁৱৰ বালিকা প্ৰাথমিক বিদ্যালয় কেন্দ্ৰ, ৮৯নং শ’লমাৰী মোক্তাব স্কুল কেন্দ্ৰ, ৯০ নম্বৰ শ’লমাৰী পশ্চিম মোক্তাব স্কুল, ১৮১নং লাইলুৰি মোক্তাব স্কুল কেন্দ্ৰ, ১৮২ আৰু ১১৬নং লাইলুৰি মোক্তাব স্কুল পশ্চিম কেন্দ্ৰসহ ৩৩টা ভোট কেন্দ্ৰত ৰিগিং হোৱাৰ অভিযোগ আনিছে প্ৰাৰ্থী তাঞ্জিল হুছেইনে। বিজেপি কৰ্মী-সমৰ্থকে ৰিগিং কৰাৰ অভিযোগ প্ৰাৰ্থীগৰাকীৰ।

  • Related Posts

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

    গৌৰৱ গগৈৰ প্ৰেৰণাৎসূত বটল নিক্ষেপ? ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ গোলাঘাটত বটল নিক্ষেপৰ ঘটনাক লৈ ৰাজ্যজুৰি বিজেপিৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নানা অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে