
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা চাৰিদিনৰ পিছত সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক মুক্তি দিয়া হৈছে। ২৮ মাৰ্চত কামৰূপ মহানগৰ আদালতে দ্বিতীয়বাৰৰ বাবে জামিন মঞ্জুৰ হৈছিল যদিও বণ্ড জমা কৰিব নোৱাৰি এদিন বেছি কাৰাগাৰত থাকিবলগীয়া হৈছিল। আজি সন্ধিয়া ৬ বজাত তেওঁ মুক্তিলাভ কৰে। মুক্তিয়ে তেওঁ সংবাদকর্মী, অধিবক্তা, নাগৰিক সমাজকে ধন্যবাদ জনায় আৰু “প্ৰশ্ন কৰি যাম” বুলি দৃঢ় প্রত্যয় ব্যক্ত কৰে।
২৫ মাৰ্চত এপেক্স বেংকৰ ২৮ কোটীৰ কেলেঙ্কাৰীৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ বাতৰি গ্ৰহণৰ সময়ত পাণবজাৰ আৰক্ষীয়ে তেওঁক ৯ ঘণ্টা আটক ৰাখি গ্ৰেপ্তাৰ কৰে। ২৬ মাৰ্চত জামিন মিলিলেও ২৭ মাৰ্চত বেংকৰ পৰিচালক ডম্বৰু শইকীয়াৰ চুৰিৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ হয়। এই সময়ত আৰক্ষীয়ে তেওঁৰ ঘৰ আৰু ব্যৱসায়িক স্থানত অভিযান চলাই নথি, ইলেক্ট্ৰনিক সা-সামগ্ৰী জব্দ কৰে।
ব্যৱসায়িক কাৰ্য্যৰ অভিযোগৰ স্পষ্টীকৰণ দি দিলোৱাৰে কয় যে পত্নীৰ গহনা বন্ধকৰ টকা আৰু বীমাৰ ধনৰে ছোৱালীদ্বয়ৰ ভৱিষ্যতৰ বাবে গাড়ী কিনিছিল। ভাইৰেল হোৱা ঘৰৰ ফটোৰ স্পষ্টীকৰণ দিয়ে যে সেয়া তেওঁৰ নহয়। তেওঁ সাংবাদিকতাৰ লগত জড়িত হৈয়ে অৰ্থনৈতিকভাৱে স্বাধীন হোৱাৰ ওপৰত গুৰুত্ব দিয়ে।
আদালতে জামিনৰ সময়ত আৰক্ষী পক্ষৰ অধিবক্তাই জনজাতীয় লোকৰ প্ৰতি অপমানজনক মন্তব্য কৰাত SC/ST আইনৰ ধাৰা সংযোজনাৰ দাবী জনোৱা হৈছিল, যদিও আদালতে ইয়াক মানি নলয়। শেষত ২০ হাজাৰ টকাৰ বণ্ডত জামিন মিলে।
দিলোৱাৰে তেওঁৰ সাংবাদিকতা অব্যাহত ৰাখি সকলো চৰকাৰী দুৰ্নীতিৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰাৰ প্রতিশ্ৰুতি দিছে।