

ডিজিটেল ডেস্কঃ ধৰ্ষণৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা স্বয়ম্ভূ ভগৱান আশাৰাম বাপুক চিকিৎসাৰ বাবে ৰাজস্থান উচ্চ ন্যায়ালয়ে ৭ দিনৰ পেৰ’ল প্ৰদান কৰিছে। আৰক্ষীৰ জিম্মাত চিকিৎসাৰ বাবে মহাৰাষ্ট্ৰলৈ যাব ৮৫ বছৰীয়া আশাৰাম বাপু।
ইয়াৰ পূৰ্বে উচ্চ ন্যায়ালয়ে আশাৰাম বাপুৰ মুক্তিৰ লগে লগে সম্ভাৱ্য আইন-শৃংখলাৰ সমস্যাৰ উদ্ধৃতি দি পেৰ’লৰ বাবে কৰা আবেদন দুবাৰকৈ নাকচ কৰিছিল। চলিত বৰ্ষৰ আৰম্ভণিতে ফেব্ৰুৱাৰী মাহত আশাৰাম বাপুক বুকুৰ তীব্ৰ বিষ অনুভৱ কৰাৰ বাবে ততাতৈয়াকৈ এইমছ যোধপুৰলৈ লৈ যোৱা হৈছিল।
যোধপুৰৰ POCSO আদালতে নিজৰ আশ্ৰমত এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অপৰাধত আশাৰাম বাপুক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। যোধপুৰৰ কেন্দ্ৰীয় কাৰাগাৰত আজীৱন কাৰাদণ্ড ভুগি আছে তেওঁ।
যোৱা বছৰ গুজৰাটৰ বিচাৰ আদালতে ২০১৩ চনত তেওঁৰ চুৰাট আশ্ৰমত এগৰাকী মহিলা শিষ্যক কেইবাবাৰো ধৰ্ষণ কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰিছিল এই গডমেনক।
মাৰ্চ মাহত আশাৰাম বাপুৱে চিকিৎসাজনিত কাৰণত শাস্তি স্থগিত ৰখাৰ বাবে ৰাজস্থান উচ্চ ন্যায়ালয়ে কৰা আবেদন নাকচ কৰা সিদ্ধান্তক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনত উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰিছিল।
শীর্ষ আদালতে অৱশ্যে কয় যে আশাৰাম বাপুৱে চিকিৎসাৰ বাবে আবেদন কৰিব পাৰে আৰু উচ্চ ন্যায়ালয়ৰ কাষ চাপিব পাৰে।
অধিবক্তাসকলৰ জৰিয়তে দাখিল কৰা আবেদনত আশাৰাম বাপুৱে কয় যে তেওঁৰ স্বাস্থ্য অস্বস্তিকৰ আৰু “দ্ৰুতগতিত অৱনতি ঘটিছে”।
আবেদনখনত কোৱা হৈছে যে গডমেনজনে ইতিমধ্যে ১১ বছৰ কাৰাদণ্ড ভুগিছে, আৰু তেওঁ “ধাৰাবাহিকভাৱে হাৰ্ট এটেক”ত ভুগিছে। ১৪ জানুৱাৰীত তেওঁৰ ক’ৰ’নাৰী এঞ্জিঅ’গ্ৰাফী প্ৰতিবেদনৰ উদ্ধৃতি দি অধিবক্তাসকলে কয় যে ইয়াত “৯৯% পৰ্যন্ত ধমনী বন্ধ” দেখা গৈছে।