জুবিন গাৰ্গেই নিজেই ক’লে ‘মই ভালে আছো’৷ সাংবাদিকৰ কেমেৰাৰ সন্মুখত এই কথা কয় জুবিন গাৰ্গে৷ হঠাতে অসুস্থ হোৱাত জুবিন গাৰ্গক নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰা হৈছে৷ নেমকেয়াৰ হাস্পতাল কৰ্তৃপক্ষৰ মতে, জুবিনৰ ছিজাৰ এটেক অহাত ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয়। বিশেষজ্ঞ চিকিৎসকৰ দল এটাই জুবিনক নিৰীক্ষণ কৰি আছে৷ জুবিনৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ আৰু নিয়মীয়া ঔষধ সেৱন নকৰাত অসুস্থ হৈছিল জুবিন। অৱশ্যে চিন্তাৰ কোনো কাৰণ নাই। তাৰ মাজতে জুবিনে কয় যে চিন্তা নকৰিব মই বৰ্তমান সুস্থ৷ চিন্তা নকৰিব, মই ভালে আছো, লগ পাম৷