
চিপিআইএমৰ অভিলেখ, কুলগামত পঞ্চমবাৰৰ বাবে জয়ী ইউচুফ তাৰিগামী
জম্মু-কাশ্মীৰৰ কুলগাম বিধানসভা সমষ্টিত অভিলেখ গঢ়িলে চিপিআইএমে৷
কুলগামত পঞ্চমবাৰৰ বাবে জয়ী হৈছে চিপিআইএমৰ প্ৰাৰ্থী ইউচুফ তাৰিগামী৷
পঞ্চম বাৰৰ বাবে একেৰাহে বিধায়ক নিৰ্বাচিত কমৰেড ইউচুফ তাৰিগামী চিপিআইএম জ্যেষ্ঠ নেতা৷
জম্মু -কাশ্মীৰৰ কুলগাম সমষ্টিৰ পৰা তাৰিগামী প্ৰায় ৮ হাজাৰ ভোটৰ ব্যৱধানত নিকটতম প্ৰাৰ্থীক পৰাজিত কৰিছে৷