ডিজিটেল ডেস্ক: আমফানৰ ফলত হোৱা প্ৰচণ্ড বৰষুণে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি কৰিছে মধ্য চীনৰ হুনান প্ৰদেশৰ জিক্সিং চহৰত।
স্থানীয় কৰ্তৃপক্ষই সদৰী কৰা মতে, প্ৰচণ্ড বৰষুণৰ ফলত সৃষ্ট ক্ষন্তেকীয়া বান আৰু ভূস্খলনত এতিয়ালৈকে ৫০ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে ১৫ জনৰো অধিক লোক সন্ধানহীন হৈ আছে।
চীনৰ নিউজ এজেন্সী (চিনহুয়া)ৰ মতে, জুলাই মাহৰ শেষৰ ফালৰ পৰা গায়েমি আমফানৰ ফলত হোৱা ধুমুহা-বৰষুণে কাউন্টি পৰ্যায়ৰ জিক্সিং চহৰত গুৰুতৰ প্ৰভাৱ পেলাইছে আৰু ইয়াৰ ফলত ক্ষন্তেকীয়া বানপানী আৰু ভূমিস্খলনৰ সূচনা হৈছে।
স্থানীয় কৰ্তৃপক্ষৰ তথ্য অনুসৰি এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগত ১ লাখ ২৮ হাজাৰ লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ১১,৮৬৯ টা ঘৰ আৰু অট্টালিকা সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে। তদুপৰি পথ আৰু দলঙৰ ব্যাপক ক্ষতিসাধনে যোগাযোগ ব্যৱস্থাতো গুৰুতৰ প্ৰভাৱ পেলাইছে।
ইফালে দুৰ্যোগগ্ৰস্ত এলেকাসমূহত অহৰহ মোতায়েন কৰা হৈছে প্ৰশাসনৰ লোক আৰু উদ্ধাৰকাৰী দল। প্ৰভাৱিত লোকসকলক উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰাৰ বিষয়েও জানিব পৰা গৈছে।