চুডানত সামৰিক বিমান দুৰ্ঘটনাত মৃত্যসংখ্যা ৪৬লৈ বৃদ্ধি

চুডানৰ ওমদুৰমান চহৰত সংঘটিত হোৱা এক সামৰিক বিমান দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা বৰ্তমান ৪৬লৈ বৃদ্ধি পাইছে। শেহতীয়া তথ্য অনুসৰি, এই দুৰ্ঘটনাত আৰু ১০গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে। দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ অগ্নিকাণ্ড নিয়ন্ত্ৰণত অগ্নিনিৰ্বাপক দলে সফলতা লাভ কৰিছে।

বিষয়টোৰ সৈতে জড়িত চুডানী সেনাৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, ৱাডি ছায়েদনা উৰা মাৰিবলৈ যোৱাৰ সময়ত এটা এন্টন’ভ ধৰণৰ সামৰিক বিমান নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পৰে। বিমানখনত উপস্থিত থকা সামৰিক জোৱানৰ লগতে কিছুমান সাধাৰণ নাগৰিকৰো মৃত্যু হোৱা বুলি  কয়।

আহতসকলক চিকিৎসা সেৱা প্ৰদানৰ চেষ্টা চলি থকা বুলি জনা গৈছে। দুৰ্ঘটনাৰ কাৰণ আৰু ক্ষয়ক্ষতিৰ সঠিক পৰিমাণ নিৰ্ণয়ৰ বাবে চৰকাৰী অনুসন্ধান আৰম্ভ হৈছে। এই ট্ৰেজেডিয়ে দেশখনত শোকৰ ছাঁয়া বিৰাজ কৰিছে।

  • Related Posts

    মহবুবুল হকক এটা গোচৰত জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    মেঘালয়ৰ ৰি-ভই জিলাৰ ব্যক্তিগত খণ্ডৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয় (চমুকৈ ইউএছটিএম)ৰ স্বত্বাধিকাৰী তথা উপাচাৰ্য মহবুবুল হকক গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা গোচৰত জামিন প্ৰদান কৰিছে। শ্ৰীভূমিৰ পাথাৰকান্দি আৰক্ষী থানাত ৰুজু…

    ৰাকেশ পালৰ দিনত চাকৰি পোৱা ৬১০ জনেই সুৰক্ষিত, বিধানসভাত অখিল-হিমন্তৰ তৰ্কযুদ্ধ

    অসম বিধানসভাত আজি এপিএছচিৰ কেলেংকাৰীৰ প্ৰসংগত উত্তপ্ত হয়। অখিল গগৈয়ে ৰাকেশ পালৰ দিনত ২০১৩ আৰু ২০১৪ চনত চাকৰি পোৱা ৬১০ জনৰ বিষয়ে চাঞ্চল্যকৰ তথ্য দাঙি ধৰে। তেওঁৰ মতে, এই চাকৰিয়ালসকলক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…