চুমিৰ বৌৱেকক জামিন লোৱাত সহায় কৰি চাকৰি গ’ল চৰকাৰী অধিবক্তাৰ

অনলাইন ট্ৰেডিং কাণ্ডৰ নায়িকা চুমি বৰাৰ বৌৱেক জিংকি মিলিক জামিন লাভত সহায় কৰিছিল চৰকাৰী অধিবক্তাই৷ এই অভিযোগ উত্থাপনৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিষয়টোক লৈ হস্তক্ষেপ কৰে আৰু অধিবক্তাৰ বিৰুদ্ধে একচন ল’বলৈ বাধ্য হয়৷ অনলাইন ট্ৰেডিং কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযুক্ত চুমি বৰাৰ পৰিয়ালকো তদন্তৰ আওতাত লোৱা হৈছিল৷ চুমি বৰাৰ বৌৱেক জিংকি মিলিকো অভিযুক্ত কৰিছিল অসম আৰক্ষীয়ে৷ কিন্তু অধিবক্তাৰ সহায় কৰাৰ ফলত চুমি বৰাৰ বৌৱেক জিংকি মিলিয়ে অন্তৱৰ্তীকালীন জামিন লাভ কৰে৷ চুমিৰ বৌৱেক জিংকি মিলিক অন্তৱৰ্তীকালীন জামিন দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মালেশ্বৰী নন্দীৰ আদালতে। ২৫ হাজাৰ টকা বণ্ডৰ বিনিময়ত আদালতে জামিন মঞ্জুৰ কৰিছিল৷ তাৰ পাছতে চৰকাৰী অধিবক্তাৰ অৱহেলাৰ বাবে আদালতে জামিন দিয়াৰ অভিযোগ উঠিছে৷ অধিবক্তাই নিৰ্লিপ্ত ভূমিকা পালন কৰাত জিংকি মিলিয়ে জামিন লাভ কৰা তথ্য পোহৰলৈ অহাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আদালতত চৰকাৰী পক্ষৰ অধিবক্তা বিদ্যুৎ‍ বিকাশ গগৈক ইতিমধ্যে পদৰ পৰা অব্যাহতি দিয়া হৈছে। অধিবক্তা গগৈৰ লগতে, চৰকাৰী অধিবক্তা কাৰ্যালয়ৰ সহায়ক ব্রজেন কুমাৰ দাস, অৰূপ কুমাৰ ডেকাকে ধৰি তিনিজনক চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে। জানিব পৰা মতে, মোকৰ্দমাকাৰী মাখন ফুকনৰ পৰা লুকুৱাই ৰাখিছিল জামিনৰ গোচৰৰ নথি-পত্ৰ। যাৰ ফলত মাখন ফুকন আদালতত উপস্থিত থাকিব পৰা নাছিল আৰু চৰ্তসাপেক্ষে অন্তৱৰ্তীকালীন অগ্ৰিম জামিন লাভ কৰিছিল জিংকিয়ে। জিংকি মিলি বিৰুদ্ধে ৩৫২/২০২৪ত গোচৰ ৰুজু হৈছিল৷ জেৰাৰ বাবে তলব কৰিছিল পলাতক হৈ আছিল মিলি। অন্তৱৰ্তীকালীন জামিন লাভত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত তদন্ত কৰি অধিবক্তা বিদ্যুৎ‍ বিকাশ গগৈক পদৰ পৰা অব্যাহতি দিয়ে মহাধিবক্তাই। জিংকি মিলিৰ স্বামী তথা চুমিৰ ভাতৃ ৰাজীৱ বৰা বৰ্তমানেও পলাতক৷

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ