ছয়গাঁৱত কুলসী নদীত জলবিদ্যুৎ প্ৰকল্পৰ স্থাপনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

দক্ষিণ কামৰূপৰ ছয়গাঁৱত আজি প্ৰস্তাৱিত ৫৫ মেগাৱাট ক্ষমতাসম্পন্ন জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে কেইবা হাজাৰ স্থানীয় ৰাইজে প্ৰতিবাদ জনায়কুলসী নদীত অসম-মেঘালয় চৰকাৰৰ যৌথ প্ৰচেষ্টাত নিৰ্মাণ হ’বলগা বান্ধৰ প্ৰস্তাৱৰ বিপক্ষে এই প্ৰতিবাদ গৰু বজাৰৰ পৰা চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ ১.৫ কিলোমিটাৰ ৰেলীৰে অনুষ্ঠিত হয়।

১৯টা আঞ্চলিক আৰু জনজাতিভিত্তিক সংগঠনৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই প্ৰতিবাদত অংশ লয় — কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, অল অসম গাৰো নেচনেল কাউন্সিল, ৰাভা মহিলা পৰিষদ, কছ-রাজবংশী ছাত্ৰ সন্থা, গাৰো খ্ৰীষ্টিয়ান ফৰাম, অল অসম ট্ৰাইবেল ইউনিয়ন আদি সংগঠন।

প্ৰতিবাদকাৰীসকলে শ্লোগান তোলে —
“অসম চৰকাৰ হায় হায়”, “মেঘালয় চৰকাৰ ঘূৰি যা”, “হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ” আদি বুলি।

“এই প্ৰকল্প আমাৰ অস্তিত্বৰ ওপৰত এক আঘাত”

প্ৰতিবাদকাৰীৰ মতে, ৬২ মিটাৰ উচ্চতাৰ প্ৰস্তাৱিত বান্ধে কুলসী নদীৰ ৩৫ কিমি অঞ্চল জুৰি কৃষিজমি, ঘৰ-বাৰী, আৰু জীৱ-বৈচিত্ৰ্য সম্পূৰ্ণৰূপে ধ্বংস কৰিব। বিপদাপন্ন গংগেটিক ডলফিন লুপ্ত হোৱাৰ আশংকা প্ৰকাশ কৰি তেওঁলোকে কয় —
“এইটো কেৱল এটা প্ৰকল্প নহয়, এইটো আমাৰ ভূমি, জীৱন আৰু অধিকাৰৰ ওপৰত এক ভয়ংকৰ প্ৰহাৰ।”

আঞ্চলিক ৰাভা, গাৰো, খাছী, কোচ-রাজবংশী, গুৰ্খা, বঙালী আদি জনজাতি ৰাইজে ব্যাপক সংখ্যাত অংশ লৈ স্থানীয় অধিকার আৰু জীৱিকাৰ সুৰক্ষাৰ দাবীত সঁগঠিত ৰূপে মাত তোলে।

চৰকাৰৰ ওপৰত আলোচনাৰ অভাৱৰ অভিযোগ

প্ৰতিবাদকাৰীয়ে অভিযোগ কৰে যে এই প্ৰকল্প অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কন্ৰাড চাংমাৰ মাজত আলোচনাৰ পিছতে আগবঢ়োৱা হৈছে, কিন্তু স্থানীয় ৰাইজৰ লগত কোনো পূৰ্বৰ আলোচনা বা মতবিনিময় নোহোৱাকৈ সিদ্ধান্ত লোৱা হৈছে, যি গণতান্ত্ৰিক দৃষ্টিকোণৰ পৰা গ্ৰহণযোগ্য নহয়।

স্মাৰক পত্ৰ প্ৰেৰণ আৰু সতৰ্কবাণী

প্ৰতিবাদৰ অন্তত, প্ৰতিবাদকাৰীসকলে চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কন্ৰাড চাংমাৰ নামত এখন স্মাৰক পত্ৰ দাখিল কৰে। স্মাৰকত কুলসী নদীত প্ৰস্তাৱিত বান্ধ স্থাপন বন্ধ কৰা, স্থানীয় জনজাতি সমাজৰ ভূমি আৰু জীৱন সুৰক্ষিত কৰাৰ দাবী উত্থাপন কৰা হয়।

প্ৰতিবাদকাৰীয়ে স্পষ্টকৈ কয় —
“আন্দোলনৰ পৰা আমি পিছু হ’ব নোৱাৰো। যদি চৰকাৰে জনতাৰ মাত উপেক্ষা কৰে, তেন্তে আগলৈ আরও ডাঙৰ আৰু সংগঠিত আন্দোলন গঢ়ি তোলা হ’ব।”

  • Related Posts

    “কংগ্ৰেছে ভাৰতবাসীক ক্ষমা খুজিব লাগিব”, জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ উপলক্ষে বিজেপিৰ ‘যুৱ সংসদ’

    ১৯৭৫ চনৰ ২৫ জুন তাৰিখে কংগ্ৰেছ চৰকাৰৰ অধীনত দেশত জৰুৰীকালীন অৱস্থা আৰোপৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি আজি অসম প্ৰদেশ বিজেপি যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ উদ্যোগত গুৱাহাটীৰ…

    “খিলঞ্জীয়াৰ মাটি পুঁজিপতিক গতাব”, ভূমি আইন সংশোধনৰ প্ৰস্তাৱক লৈ প্ৰশ্ন লুৰীণজ্যোতি গগৈৰ

    অসমত খিলঞ্জীয়া ৰাইজৰ পুৰুষ-পূৰ্বেৰে ৰক্ষা কৰি অহা ভূমি এতিয়া পুঁজিপতি গোষ্ঠীৰ হাতলৈ দিয়াৰ চেষ্টাত চৰকাৰ লিপ্ত হৈছে — এনে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদ (অজাপ)। আজি গুৱাহাটীত অনুষ্ঠিত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ