

ডিজিটেল ডেস্কঃ ছৌদি আৰৱৰ আটাইতকৈ বিপজ্জনক মৰুভূমি হিচাপে পৰিচিত ৰাব আল খলী মৰুভূমিত বাট হেৰুৱাই অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল এজন ভাৰতীয় যুৱকে।
প্ৰায় ৬৫০ কিলোমিটাৰ বিস্তৃত বিশাল মৰুভূমিখনত জিপিএছ ছিগনেল হেৰুওৱাৰ ফলত বহু সময় ধৰি সঠিক বাট বিচাৰি ঘুৰ্মুটিয়াই ফুৰিবলগীয়া হ’ল ভাৰতীয় যুৱকজনৰ লগতে তেওঁৰ আন এজন সহযোগীয়ে। আৰু অৱশেষত মৰুভূমিৰ প্ৰচণ্ড গৰমত ক্লান্ত আৰু পিয়াহত তাতেই মৃত্যুক সাৱটি লয় দুয়োজনে।
ইয়াৰ পিছতে বৃহস্পতিবাৰে উদ্ধাৰ হয় দুয়োজন যুৱকৰ মৃতদেহ। নিহত ভাৰতীয়জনক তেলেংগানাৰ কৰিমনগৰৰ নিৱাসী মহম্মদ শ্বেহজাদ খান বুলি চিনাক্ত কৰা হৈছে। আনহাতে মৃত্যু ঘটা আনজন যুৱক চুডানৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে।
বাতৰি অনুসৰি ছৌদি আৰৱস্থিত এটা টেলিকমিউনিকেচন কোম্পানীত বিগত ৩ বছৰ ধৰি কৰ্মৰত আছিল শ্বেহজাদ। কামৰ বাবেই তেওঁলোক গৈছিল ৰাব আল খলী মৰুভূমিলৈ। কিন্তু তাতে তেওঁলোকৰ জিপিএছ চিগনেল বিকল হৈ পৰাত বাট হেৰুৱায় পেলায়। আনহাতে সহায় বিচৰাৰ প্ৰচেষ্টাও বিফল হোৱাত মৰুভূমিৰ বুকুতে ভাগৰ আৰু পিয়াহত আতুৰ হৈ দুয়োজনে মৃত্যুক সাৱটি লয়।
এই ঘটনাৰ চাৰিদিন পিছত মৰুভূমিত অভিযান চলাই দুয়োৰে মৃতদেহ উদ্ধাৰ কৰে ছৌদি আৰৱ প্ৰশাসনে।