জটিল জিৰিবামৰ পৰিস্থিতি, আৰক্ষীৰ গুলীত নিহত ২০ বছৰীয়া মেইটেই যুৱক

হিংসাজৰ্জৰ মণিপুৰৰ পৰিস্থিতি পুনৰ অশান্ত হৈ উঠাত চৌদিশে জুই, গুলী আৰু জনতাৰ ধ্বনি শুনা গৈছে। ১২ নৱেম্বৰৰ পৰা পুনৰ উত্তপ্ত হৈ পৰা মণিপুৰত আজি ২০ বছৰীয়া যুৱকৰ বুকু ভেদি গ’ল বন্দুকৰ গুলী৷ প্ৰতিবাদ কৰি থকাৰ সময়তে নিৰাপত্তাৰক্ষীৰ গুলীত ৰাজপথত ঢলি পৰি থিতাতে নিহত হয় ২০ বছৰীয়া যুৱক৷ প্ৰতিবাদৰত অৱস্থাত খুন্দ্ৰাকপাম আথৌবা নিহত হয়৷ আহত এজনক কে বিষাণ বুলি চিনাক্ত কৰা হৈছে। গুলীচালনাৰ ঘটনা সংঘটিত হৈছে শেহতীয়া হিংসাৰ কেন্দ্ৰ জিৰিবামত৷ যি জিৰিবামত চিআৰপিএফৰে লগা সংঘৰ্ষত সন্দেহজনক ১১ কুকি বিদ্ৰোহী নিহত হৈছিল৷ লগতে এইখন জিৰিবামৰ এটা শিবিৰৰ পৰা সন্দেহজনক কুকি বিদ্ৰোহীয়ে অপহৰণ কৰি নি হত্যা কৰিছে কেঁচুৱাসহ ছয়গৰাকী মহিলাক৷ কেঁচুৱা মহিলাক অপহৰণ কৰি হত্যাৰ কৰাৰ পাছতে পুনৰ জ্বলি উঠিছে মণপিৰ৷ মেইটেই সম্প্ৰদায়ৰ ছয়গৰাকী লেকাক হত্যা কৰাত মেইটেই সম্প্ৰদায়ে ৰাজপথলৈ ওলাই আহি ৰাজহুৱা স্থানত টায়াৰ জ্বলাই প্ৰতিবাদ আৰম্ভ কৰিছিল৷ কিন্তু কেইটামান মুহূৰ্তৰ ভিতৰতে সমগ্ৰ মণিপুৰ জ্বলি উঠে৷ ইম্ফলৰ ৰাজপথ দখল কৰি মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু কবাজনো বিধায়কৰ ঘৰত আক্ৰমণ কৰি সা-সামগ্ৰী জ্বলাই দিছে মেইটেই প্ৰতিবাদকাৰীয়ে৷ আজিও জিৰিমাবৰত এগৰাকী বিধায়কৰ ঘৰত আক্ৰমণৰ কৰিবলৈ উদ্যত হোৱাৰ সময়তে নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰে৷ ৰাজপথত প্ৰতিবাদকাৰীসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলগা হয় বুলি জানিব পৰা গৈছে৷ আৰক্ষীৰ গুলীচালনাত খুন্দ্ৰাকপাম আথৌবা নিহত হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি উত্ত হৈছে জিৰিবাম৷ জিৰিবাম চহৰৰ ৰাজপথত এটা জনতাই প্ৰতিবাদ কৰি থকাৰ সময়তে শাসকীয় বিজেপি আৰু কংগ্ৰেছৰ কাৰ্যালয়ত আক্ৰমণ কৰা হয়। অস্থিৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে সোমবাৰে আৰু মঙলবাৰে কাৰফিউ বলবৎ হৈ থকা ইম্ফল পূব, ইম্ফল পশ্চিম আৰু বিষ্ণুপুৰ জিলাত সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ দিছে। সাতখন প্ৰভাৱিত জিলাত ইণ্টাৰনেট আৰু মোবাইল সেৱা স্থগিত ৰখা হৈছে। এই ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে সোমবাৰে সন্ধিয়া ৬ বজাত সকলো অ-কংগ্ৰেছী বিধায়কৰ সৈতে এখন বৈঠকত মিলিত হোৱাৰ ঘোষণা কৰিছে৷ শেহতীয়াভাৱে উত্তপ্ত পৰিস্থিতিত ২০ জনৰো অধিক লোকৰ মৃত্যু হৈছে। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে জিৰিবাম জিলা। বৰ্তমান অধিক ভয়াৱহ হৈ পৰিছে মণিপুৰৰ জিৰিবামৰ পৰিস্থিতি৷ আৰক্ষীৰ গুলীত এজন মেইটেই প্ৰতিবাদকাৰী যুৱক নিহত হোৱাৰ লগতে দুজন গুলীবিদ্ধ হোৱাত পৰিস্থিতি আৰু অধিক জটিল হোৱাৰ আশংকা কৰা হৈছে।

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে