
ধুবুৰীৰ সাংসদ তথা কংগ্ৰেছ নেতা ৰকিবুল হুছেইন আজি আক্ৰমণৰ লক্ষ্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক৷ আজি সংবাদ মাধ্যমৰ মুখামুখি হৈ ৰকিবুল হুছেইন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰে৷ অৰুণোদয়ৰ আঁচনিৰ নামত ১২৫০ টকা দি চৰকাৰে ৪ হাজাৰ টকাকৈ লুটি থকা বুলি অভিযোগ আনি হুছেইনে কয় যে মূল্যবৃদ্ধি, স্মাৰ্ট মিটাৰৰ লগাই চৰকাৰে এটা এটা পৰিয়ালৰ পৰা মাহেকত কমেও ৫ হাজাৰকৈ লুটিছে৷ কিন্তু উভতাই দিছে ১২৫০ টকা৷ বাকী ৪ হাজাৰ টকাৰে চৰকাৰে বিলাস ভ্ৰমণ কৰিছে৷ বিনাশ কালে বিপৰীত বুদ্ধি হোৱা বুলি হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ হুছেইনে ট্ৰাইবেল বেল্ট আৰু ব্লকক লৈ হোৱাইট পেপাৰ দাখিল কৰিবলৈ চৰকাৰক দাবী জনাইছে৷ তেতিয়া সকলো স্পষ্ট হৈ পৰিব বুলি কৈ দাবী কৰি ৰকিবুল হুছেইনে কয় ‘‘মুখ্যমন্ত্ৰী নিজেই এজন জনজাতি বিৰোধী লোক৷ তেওঁ জনজাতীয় লোকক খেদি মুখ্যমন্ত্ৰী হৈছে৷ হাৰিয়ানাৰ নিৰ্বাচনৰ পাছতে মুখ্যমন্ত্ৰীয়ে গাদী হেৰুৱাৰ বুলি দাবী কৰে হুছেইনে৷ আনহাতে, ধিঙৰ যুৱকজন ধৰ্ষণ কাণ্ডত জড়িত নাছিল বুলি উত্থাপিত অভিযোগৰ চৰকাৰৰ পৰা স্পষ্টিকৰণ দাবী কৰিছে হুছেইনে৷