
আকৌ ৰাইজৰ মাধমাৰ শোধালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে৷ ৰন্ধন গেছৰ মূল্য ৫০ টকাকৈ আৰু প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেলত ২ টকাকৈ বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ এতিয়াৰ পৰা ৰন্ধন গেছৰ দাম হ’ব ৯০২ টকা৷ পূৰ্বে ৰন্ধন গেছৰ দাম আছিল ৮৫২ টকা৷ পেট্ৰ’ল-ডিজেল প্ৰতি লিটাৰত ২ টকাকৈ আবকাৰী শুল্ক বৃদ্ধি কৰা হৈছে। শুল্ক বৃদ্ধিৰ ফলত গ্ৰাহকৰ ওপৰত প্ৰভাৱ পৰিব নে নাই সেয়া কেন্দ্ৰীয় চৰকাৰে বিবৃতি জাৰি কৰা নাই। গ্ৰাহকে পূৰ্বৰ দামত পেট্ৰল-ডিজেল ক্ৰয় কৰিব লাগিব নেআগতকৈ বেছি দানত কিনিবি লাগিব সেয়া স্পষ্ট হোৱা নাই৷