
মূল্যবৃদ্ধিয়ে জনগণক কোঙা কৰিছে৷ ইপিনে চৰকাৰে দৰিদ্ৰ-গৰীৱৰ বাবে যোগান বিভাগে যোগান ধৰা খাদ্য-সামগ্ৰীৰ পৰা চান কাঢ়িছে সমবায় সমিতিয়ে৷ বৰাক উপত্যকাৰ কাছাৰ জিলাত খাদ্য সুৰক্ষা আইনৰ অধিনত চাউল বিতৰণক অভিযোগ উত্থাপন হৈছে৷ খাদ্য সুৰক্ষাৰ আইনৰ চাউল বিতৰণক ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে খোদ সমবায় সমিতিৰ অধিনৰ সূলভ মূল্যৰ এজেণ্টৰ৷ সোণাই সমষ্টিৰ সোণাবাৰীঘাট সমবায় সমিতিৰ অন্তৰ্গত ছইদপুৰ তৃতীয় খণ্ডৰ সূলভ মূল্যৰ এজেণ্ট গুলজাৰ হোছেইন লস্কৰে খাদ্য সুৰক্ষাৰ চাউলৰ বিতৰণত দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এজেণ্ট গুলজাৰ হোছেইন লস্কৰে হিতাধিকাৰীৰ বিপৰীতে সমবায় সমিতিয়ে চাউল কমকৈ দিয়াৰ অভিযোগ আনে৷ লস্কৰে কয় যে তেওঁলোকক প্ৰতিমাহে হিচাপতকৈ চাউল কমকৈ দিয়া হয়। ৰেচন কাৰ্ডৰ হিতাধিকাৰীক চাউল বিতৰণ কৰাৰ সময়ত হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হয়। কৃষ্ণপুৰ-মেহেৰপুৰ সমবায় সমিতিয়ে দীৰ্ঘদিন ধৰি হিচাপতকৈ কম চাউল দি আত্মসাৎ কৰি অহাৰ অহাৰ গুৰুতৰ অভিযোগ আনে এজেণ্ট লস্কৰে। লস্কৰে এই মাহত ৭০ কেজি কম চাউল কমকৈ পোৱা বুলি কয়। চাউলৰ বস্তাসমূহতো কম আছে চাউল৷ লগতে সমবায় সমিতিয়ে যোগান ধৰা আটা জন্তুৱে খাব নোৱাৰে বুলি কয়।