
যুদ্ধ সমাপ্তিৰ মাজতে সমগ্ৰ দেশৰ বাবে গভীৰ বেদনাদায়ক হৈ পৰিছে। জম্মু-কাশ্মীৰৰ আৰ.এছ. পুৰা অঞ্চলত ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তত সংঘটিত সীমান্তৰ সিপাৰৰ গুলী বৰ্ষণত আন এজন জোৱান শ্বহীদ হৈছে৷ বিএছএফ কনষ্টবল (জিডি) দীপক চিনগাখাম কৰ্তব্যৰত অৱস্থাত শ্বহীদ হয়। দীপক চিনগাখামৰ ঘৰ হৈছে মণিপুৰত৷ সীমান্ত সুৰক্ষা বাহিনী ৰ সৈতে দীপক নিজ সীমান্ত চৌকী ৰক্ষা কৰাৰ সময়তে দেহত গুলী লাগিছিল৷ বিএছএফে তেওঁৰ সাহিকতাৰ বাবে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু জনায় যে সোমবাৰে (১৩ মে’) জম্মুৰ পালৌৰাস্থিত ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ত পূৰ্ণ সামৰিক সন্মানৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। পূৰ্ব মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন. বীৰেন সিঙে দীপকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে আৰু তেওঁক মণিপুৰৰ গৌৰৱময় পুত্ৰ হিচাপে অভিহিত কৰে। তেওঁ কয় যে দীপকৰ এই বলিদানে মেইতেই সম্প্ৰদায়ৰ সাহস আৰু দেশপ্ৰেমৰ উদাহৰণ দাঙি ধৰে। তেওঁ শ্বহীদৰ পৰিয়াললৈ পূৰ্ণ সহায়ৰ আশ্বাস দিয়ে আৰু ভাৰতীয় সেনাৰ সাহসিকতাক সন্মান জনায়। দেশৰ বাবে দীপকৰ এই চূড়ান্ত বলিদান দেশবাসীয়ে সদায় মনত ৰাখিব। তেখেতৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে সমগ্ৰ ৰাষ্ট্ৰই।