
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাজ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গেয়ে জাগীৰোডত স্থাপন হোৱা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ বিৰোধিতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ গৌৰৱ গগৈয়ে। সাংসদ গৌৰৱ গগৈয়ে জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ক্ষেত্ৰত বিজেপি চৰকাৰে অপপ্ৰচাৰ চলাইছে বুলি মন্তব্য প্ৰকাশ কৰিছে। গুজৰাটত চাৰিটা, অসমত যদি এটা হ’ব পাৰে তেন্তে কৰ্ণাটকত কিয় হ’ব নোৱাৰে বুলি প্ৰশ্ন কৰে গগৈয়ে? বিজেপিৰ শাসনত থকা ৰাজ্যবোৰত এই সুবিধাসমূহ লাভ কৰা বিপৰীতে কংগ্ৰেছৰ শাসনত থকা ৰাজ্যসমূহে সুবিধাৰ পৰা বঞ্চিত হৈছে। গৌৰৱ গগৈয়ে আৰু কয় মুখ্যমন্ত্ৰীয়ে এতিয়া মিঞা শব্দ লৈ ৰাজনীতি কৰি আহিছে। প্ৰথমে এআইইউডিএফ দলে মিঞা ৰাজনীতি আৰম্ভ কৰিছিল। এতিয়া এআইইউডিএফ দলৰ পৰা মুখ্যমন্ত্ৰীয়ে লৈ গল মিঞা শব্দৰ ৰাজনীতি। যোৱা লোকসভাৰ নিৰ্বাচনৰ পাছত আৰু আগন্তুক বিধানসভা নিৰ্বাচনৰ আগে আগে মিঞা শব্দৰ ৰাজনীতি কৰা মুখ্যমন্ত্ৰীয়ে ধ্বংস হোৱা এআইইউডিএফ দলক পুনৰ কেনেকৈ উঠাব পাৰি তাৰে চিন্তা কৰি আছে। আজি ধিঙৰ বেচামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সাংসদ গৌৰৱ গগৈৰ পূৰ্বে নিৰ্ধাৰিত সাংসদ পুঁজিৰে যোগান ধৰা এম্বুলেন্স সেৱা চিকিৎসা কেন্দ্ৰত চমজাই দি আয়োজন কৰা মুকলি অনুষ্ঠানত ভাষণ প্ৰদান কৰে গৌৰৱ গগৈয়ে। সভাত নগাওঁ লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়েও বিজেপি চৰকাৰৰ বৈষম্যমুলক নীতি গ্ৰহণ কৰা বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰাৰ লগতে ভাষণ প্ৰদান কৰে। সভাত বিধায়ক নুৰুল হুদা, আচিফ মহম্মদ নাজাৰ, বিধায়িকা শিৱামুণি বৰাই ভাষণ প্ৰদান কৰে। উল্লেখ্য যে, কথা দি কথা ৰাখিলে সাংসদ গৌৰৱ গগৈয়ে। বৰ্তমান যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে দেওবাৰে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ধিং সমষ্টিৰ বেছামাৰীত এম্বুলেন্স সেৱাৰ উদ্বোধন কৰে।