
ভাৰত চৰকাৰে অহা লোকপিয়লত জাতি-জনগোষ্ঠীসমূহৰ জনগণনা কৰিবলৈ লোৱা সিদ্ধান্তক আদৰণি জনাইছে সদৌ অসম গৰিয়া জাতীয় পৰিষদে৷ সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ সভাপতি মইনুল ইছলাম আৰু সাধাৰণ সম্পাদক মীৰ আৰিফ ইকবাল হুছেইনে আজি এক বিবৃতি যোগে আদৰণি জনাইছে৷ কেন্দ্ৰীয় চৰকাৰক আদৰমি জনালেও ৰাজ্য চৰকাৰে জনগোষ্ঠীয় পৰিচয় উদ্ধাৰৰ বাবে পূৰ্বে ঘোষণা কৰিও কাৰ্যকৰী নকৰাত সদৌ অসম গৰিয়া জাতীয় পৰিষদে ক্ষোভ ব্যক্ত কৰিছে৷ বিবৃতিত সংগঠনটোৱে কয় যে কেন্দ্ৰীয় চৰকাৰে অহা লোকপিয়লত জাতি-জনগোষ্ঠীসমূহৰ জনগণনা কৰিবলৈ লোৱা সিদ্ধান্তক আমি আদৰণি জনাইছো। আমি সদায় অসমত প্ৰচলিত অনৈতিক, বেআইনী ‘অসমীয়া মুছলমান’ সংজ্ঞাৰ বিৰোধিতা কৰি জনগোষ্ঠীয় পৰিচয়ৰে সকলোকে চিনাক্তকৰণ প্ৰক্ৰিয়া কৰিবলৈ অসম চৰকাৰক দাবী জনাই আহিছো। দুৰ্ভাগ্যজনকভাৱে অসম চৰকাৰে এই ক্ষেত্ৰত জাতি জনগণনা বিৰোধিতা কৰি বিহাৰ উচ্চ ন্যায়লয়ত পঞ্জীকৃত এটি গোচৰৰ দোহাই দি ব্ৰহ্মপুত্ৰ উপত্যকাৰ গৰিয়া, মৰিয়া, দেশী, ছৈয়দ আৰু চাহ বাগানৰ প্ৰাক্তন শ্ৰমিক জহলাসকলক চিনাক্তকৰণ কৰিবলৈ নিজে ঘোষণা কৰা আৰ্থ-সামাজিক জৰীপৰ কাম আৰম্ভ নকৰাকৈ পিছুৱাই আছে। এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে অহা লোকপিয়লত দেশৰ সকলো জাতি-জনগোষ্ঠীসমূহৰ জনগণনা কৰাৰ ব্যৱস্থা কৰা সিদ্ধান্তই গৰিয়াসকলৰ লগতে নিষ্পেষিত আৰু অস্তিত্বৰ সংকটত ভোগা জনগোষ্ঠীসমূহৰ বাবে যথেষ্ট সহায়ক হ’ব। অৱশ্যে এইক্ষেত্ৰত কোনো বহিৰাগত বা বংগমূলীয় লোকসকলে যাতে গৰিয়াৰ পৰিচয় দি প্ৰস্তাৱিত লোকপিয়ল জৰিয়তে গৰিয়া হ’ব নোৱাৰে তাৰ বাবে বিষয়া-কৰ্মচাৰীসকলক বিশেষ প্ৰশিক্ষণ দিবলৈ দাবী জনালো। লগতে মৰিয়া আৰু বৰাক উপত্যকাৰ মাইমলৰ নামত প্ৰতিখন জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ পৰা জালিয়াতিৰে অনান্য অতি পিছপৰা শ্ৰেণীৰ নামত ভুৱা প্ৰমাণ পত্ৰ সংগ্ৰহ কৰা কোনো লোক যাতে মৰিয়া বা মাইমল হিচাপে অন্তৰ্ভুক্ত হ’ব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈও চৰকাৰক দাবী জনাইছে সংগঠনটোৱে৷