জাতীয়তাবাদী, জাতিৰ বিপদকালত জাতিটোৰ কাষত বটবৃক্ষ হৈ থিয় দিয়া হাইদৰ হুছেইন অসুস্থ৷ বিশিষ্ট সাংবাদিক তথা জাতিৰ হৈ ওকালতি কৰা হাইদৰ হুছেইন কেইবাটাও দিন ধৰি গুৰুতবভাবে অসুস্থ হৈ পৰিছে৷ পৰিয়ালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাত বিশেষজ্ঞ চিকিৎসৰ দলে চিকিৎসা কৰি গৈছে৷ হুছেইনৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি হোৱা বুলি জানিব পৰা গৈছে৷
আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ হুছেইনৰ স্বাস্থ্যৰ বুজ লয় ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংঘলে৷ মন্ত্ৰী অশোক সিংঘলে কয় যে হাইদৰ হুছেইনৰ অসুস্থতাৰ খবৰত উদ্বিগ্ন হৈছো। শীঘ্ৰে সুস্থ হৈ উঠক, নেদেখাজনলৈ তাৰেই প্ৰাৰ্থনা কৰিছো।