

ডিজিটেল ডেস্কঃ ভূমিকম্পৰ তীব্ৰ জোকাৰণিয়ে পুনৰ কপাই গ’ল জাপান। বৃহস্পতিবাৰে জাপানৰ দক্ষিণ-পশ্চিম অঞ্চলত অনূভূত হয় তীব্ৰ জোকাৰণি। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.১।
ভূমিকম্পপ্ৰৱণ দেশখনত বৃহস্পতিবাৰে পুৱা অনুভূত হোৱা এই জোকাৰণিত কোনো ধৰণৰ বিশেষ ক্ষয়-ক্ষতি হোৱা নাই বুলি সদৰী কৰিছে জাপান কৰ্তৃপক্ষই। অৱশ্যে পশ্চিম কিউছু আৰু শ্বিকোকু দ্বীপৰ প্ৰশান্ত মহাসাগৰীয় উপকূলৰ বাবে এক মিটাৰ পৰ্যন্ত উচ্চতাৰ চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে।
একে সময়তে ভূমিকম্পৰ পিছত কিউছুৰ মিয়াজাকি প্ৰদেশত ২০ চে.মি. উচ্চতাৰ ঢৌ বৃদ্ধি হোৱা দেখা গৈছিল।