জেহাদী বুলি নিয়াই ধৰা মিঞাক দিলে এৰি, শ্বেখ চুলতান আলাউদ্দিন আয়ুবিক নিলে দিল্লীলৈ

২০২৬ চনৰ নিৰ্বাচনত পুনৰ একেকেইটা বিষয়ক লৈ বিজেপি দলে নিৰ্বাচনত নামিবলৈ সাজু হৈছে৷ সেই কথা স্পষ্ট৷ সেইটো হৈছে মিঞা, জেহাদী, হিন্দু-মুছলমান৷ মুখ্যমন্ত্ৰীৰ মুখত বাৰে বাৰে জেহাদী, মিঞা, তেওঁলোক মানে মুছলমান আৰু হিন্দুৰ সুৰক্ষা আদিৰ কথা শুনা গৈছে৷ কালিৰে পৰা আকৌ মুখ্যমন্ত্ৰীৰ মুখত শুনা গৈছে জেহাদীৰ কথা৷ হোজাইত সন্দেহজনক লোকক নিয়াই জিম্মাত লোৱাৰ পাছৰে পৰা মুখ্যমন্ত্ৰীয়ে কঁচুতলীৰ উচ্ছেদৰ সৈতে ধৰ্ম বিশেষক সংযোগ কৰি মন্তব্য প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে৷ তাৰ মাজতে এদিন পূৰ্বে গোৱালপাৰাৰ কেইবাটাও এলেকাত অভিযান চলাই নিয়া আৰু অসম আৰক্ষীৰ এছটিএফে সন্দেহজনক ৯ জন লোকক আটক কৰিছিল৷ নিয়াই ৯ জনক আটক কৰাৰ পাছতে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাৰা দুগুন গতিত বৃদ্ধি পায়৷ মুখ্যমন্ত্ৰীয়ে এই বিষয়টোক লৈ পোনেপোনে ৰাজনীতি কৰাৰ সময়তে গোৱালপাৰাৰ ৯জনকৈ লোকক নিয়াই ঘৰলৈ যাবলৈ দিয়া বুলি জানিব পৰা গৈছে৷ হোজাই আৰু গোৱালপাৰাত নিয়া আৰু অসম আৰক্ষীৰ এছটিএফে ১০জন লোকক আটক কৰা বুলি জানিব পৰা গৈছিল৷ শনিবাৰে আটক কৰি নিয়াই মাৰাথন জেৰাৰ অন্তত ৯ জন লোকক মুকলি কৰি দিয়ে৷ ইয়াৰে এজন মাথো লোকক নিয়াই দিল্লীলৈ নিয়া বুলি জানিব পৰা গৈছে৷ শ্বেখ চুলতান আলাউদ্দিন আয়ুবিক গোৱালপাৰা আদালতত হাজিৰ কৰাই জিম্মাত লয় নিয়াই। প্ৰকাশিত খবৰ মতে, শ্বেখ চুলতান আলাউদ্দিন আয়ুবিয়ে বেংকৰ চিএছপি চলাই৷ সেই চিএছপিৰ পৰা আটকাধীন লোককেইজনে ধন উলিয়াইছিল৷ সেই সন্দেহতে লোককেইজনক সোধ-পোছ কৰি পাছত মুকলি কৰি দিয়া হয়৷ নিষিদ্ধ জৈছ-ই-মহম্মদ নামৰ ইছলামিক সংগঠনৰ সৈতে শ্বেখ চুলতান আলাউদ্দিন আয়ুবি যোগাযোগ থকাৰ সন্দেহ কৰা হৈছে৷ মৌলবাদী শ্বেখ চুলতান আলাউদ্দিন আয়ুবিৰ মাদ্ৰাছা লিংক পোহৰলৈ আহিছে বুলি খবৰ প্ৰকাশ পাইছে৷ গোৱালপাৰাৰ জামিয়া আশ্ৰাফুল উলুম নামৰ মাদ্ৰাছাৰ অধ্যক্ষ পদতো থকা শ্বেখ চুলতান আলাউদ্দিন আয়ুবিৰ বেংক একাউণ্টত বুজন পৰিমাণৰ ধনৰ লেন-দেনৰ তথ্য ওলাইছে৷ এই তথ্য পৰীক্ষা কৰাৰ অন্তত জৈছ-ঈ-মহম্মদে যোগান ধৰিব পাৰে বুলিও সন্দেহ কৰা হৈছে৷ আলাউদ্দিন আয়ুবিয়ে ক’ৰ পৰা কেনেকৈ ধন লাভ কৰিলে সেই তথ্য এই পৰ্যন্ত অসম আৰক্ষী বা নিয়াই ৰাজহুৱা কৰা নাই৷ উল্লেখ্য যে, হোজাই জিলাৰ ডবকাৰ পৰা প্ৰথমে গ্ৰেপ্তাৰ কৰা হৈছিল ৰহমত আলীক৷ ৰহমত আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত গোৱালপাৰা জিলাত অভিযান চলাইছিল৷ লগতে দেশজুৰি নিয়াই ইছলামিক মৌলবাদীৰ বিৰুদ্ধে অভিযান চলাইছিল৷ এই অভিযানত সমগ্ৰ দেশজুৰি যেনে দিল্লী, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, জম্মু-কাশ্মীৰত অভিযান চলাই সফলতা লাভ কৰে৷ এই অভিযানত ৫ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ ভিতৰত আছিল আলাউদ্দিন আয়ুবি৷ তাৰ পাছতে নিয়াৰ দল অসমত উপস্থিত হৈ হোজাই আৰু গোৱালপাৰাত অভিযান চলায়৷ এই অভিযানত অসমত জৈছ-ঈ-মহম্মদৰ তৎপৰতাৰ তথ্য লাভ কৰে৷ ডবকাৰ নাহৰগাঁৱৰ ৰহমত আলীক গ্ৰেপ্তাৰৰ পাছতে এই পৰ্দা ফাছ হয়৷ ৰহমত আলীৰ ঘৰ গোৱালপাৰাৰ টুকুৰাত৷

  • Brahmaputra Times

    Related Posts

    চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

    ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

    ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

    ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক