জোনাইত কংগ্ৰেছীৰ আক্ৰমণকাৰীক চাহ খুৱাই বিদায় দিছে আৰক্ষীয়েঃ ভূপেন বৰা

আজি ধেমাজিৰ জোনাইত এখন সংবাদমেল সম্বোধন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই৷ ১৮ মাৰ্চত বগৰী চাপৰিৰ এখন সভালৈ গৈ থকাৰ সময়ত কেইবাগৰাকীও কংগ্ৰেছ কৰ্মীক একাংশ দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে ভূপেন বৰাই৷ ইয়াৰ লগতে কেইবাটাও বিষয় সন্দৰ্ভত মন্তব্য প্ৰদান কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে৷ ভূপেন বৰাৰ মন্তব্য, বৃটিছ খেদা কংগ্ৰেছ দল কেতিয়াও ভয়াতুৰ নহয়৷ বগৰী চাপৰিৰ সভালৈ যোৱা কংগ্ৰেছ কৰ্মীক আক্ৰমণ কৰা ঘটনাৰ আঁৰত জোনাইৰ বিধায়ক ভূৱন পেগু জড়িত থকাৰ অভিযোগ উত্থাপন কৰি এই ঘটনাৰ তীব্ৰ গৰিহণা প্ৰদান কৰে৷ দুষ্কৃতিকাৰীসকলক চিনাক্ত কৰি চিমেন চাপৰি থানাত গোচৰ ৰুজু কৰাৰ পিছতো কোনোধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ নকৰি ঘটনা জড়িত দুৰ্বৃত্তসকলক থানা লৈ মাতি আনি আৰক্ষীয়ে চাহ-মিঠাই খুৱাই ঘূৰাই পঠিওৱা বুলি অভিযোগ তুলিছে ভূপেন বৰাই। কংগ্ৰেছ আক্ৰমণকাৰী সকলৰ সৈতে জোনাইৰ বিধায়ক ভূৱন পেগুৱে মৰা এখন ফটো দেখুৱাই এই আক্ৰমণকাৰী ব্যক্তিসকলৰ সৈতে বিধায়ক গৰাকীৰ সম্পূৰ্ণ কি বুলি প্ৰশ্ন কৰে ভূপেন বৰাই। উল্লেখ্য, ধেমাজি জিলা যুৱ কংগ্ৰেছৰ সভাপতি ৰহিম পেগু, প্ৰদেশ কংগ্ৰেছৰ এছ.টি চেলৰ সাধাৰণ সম্পাদক বিক্ৰম ৰামছিয়াৰী, মুককচেলেং ব্লকৰ সভাপতি তুনিৰাম দলে, বাণীকান্ত দলে, কনকলতা পাটিৰ, ৰশ্মি দলেসহ কেইবাজনো কংগ্ৰেছ কৰ্মীক আক্ৰমণ কৰিছিল দুৰ্বৃত্তই৷ কংগ্ৰেছ দলৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাৰ বাবেই বিজেপি কৰ্মীয়ে এনে কাম কৰিছে বুলি অভিযোগ উত্থাপিত হৈছিল। জোনাই সমষ্টিৰ বগৰী চাপৰি এলেকাত পঞ্চায়তৰ প্ৰস্ততি সভাত অংশগ্ৰহণ কৰাৰ সময়তে এটা বৃহৎ দুৰ্বৃত্তৰ দলে যিয়ে যেনেকৈ পাৰে তেনেকৈ আক্ৰমণ কৰিছিল কংগ্ৰেছ কৰ্মীসকলক৷ কংগ্ৰেছৰ সভা চলি থকাৰ সময়তে তেওঁলোকক নিৰ্মমভাৱে প্ৰহাৰ কৰিছে বুলি অভিযোগ উত্থাপন হৈছিল। যাৰ বাবে কংগ্ৰেছৰ ৫ জনকৈ নেতা-কৰ্মী চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয়৷ এই ঘটনাৰ সৈতে জড়িত অভিযুক্তৰ নাম কংগ্ৰেছে এজাহাৰত উল্লেখ কৰিছিল যদিও আজি পৰ্যন্ত তেওঁলোকক গ্ৰেপ্তাৰ নকৰাত আজিৰ সংবাদমেলত ক্ষোভ প্ৰকাশ কৰে ভূপেন বৰাই৷

  • Related Posts

    ৯ লাখৰো অধিক ভক্তৰ সমাগম, নিজম পৰিল নীলাচল

    বিশ্বৰ ৫১ খন শক্তিপীঠৰ অন্যতম কামাখ্যা দেৱালয় চৌহদত ২২ জুনৰ দিনা বিয়লি ২ বাজি ৫৬ মিনিটত কামাখ্যা দেৱালয়ৰ পৰম্পৰা অনুসৰি প্ৰবৃত্তিৰে আৰম্ভ হোৱা পাঁচদিনীয়া অম্বুবাচী মহাযোগৰ বৃহস্পতিবাৰে পুৱতি নিশা ৩…

    ৫০ লাখ টকাৰ ৰাজসাহায্য কেলেংকাৰীত উত্তাল ৰাজনীতি

    জয়ন্তমল্ল বৰুৱাক লৈ কংগ্ৰেছ-ৰাইজৰ দলৰ তীব্ৰ আক্ৰমণ | দিলীপ শইকীয়াৰ কঠোৰ মন্তব্য – “নিজৰ ক্ষেত্ৰত কঠোৰ হওক” | কামাখ্যাত গৈ ক্ষমা খুজি ৫০ লাখ ঘূৰাই দিয়াৰ দাবী অখিল গগৈৰ ৰাজ্যৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ