ট্ৰেডিং কেলেংকাৰিত জড়িত তাৰ্কিক-বিশালক জামিন, চুমি বৰা এতিয়াও কাৰাবন্দী

বহু বিতৰ্কিত ট্ৰেডিং কেলেংকাৰিত জড়িত বুলি অভিযুক্ত নৃত্য শিল্পী চুমি বৰাৰ ভাতৃ বিশাল ফুকন আৰু স্বামী তাৰ্কিক বৰাই অবশেষত জামিন লাভ কৰিছে। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী থকা এই দুয়োজন অভিযুক্তক ডিব্ৰুগড় জিলাৰ বৰবৰুৱা আৰক্ষী থানাত ৰুজু ৮৫/২০২৪ নম্বৰ গোচৰত জামিন দিয়া হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিবজ্যোতি শইকীয়াৰ আদালতে আজি জামিন মঞ্জুৰ কৰে।

যদিও আদালতে জামিন মঞ্জুৰ কৰিছে, কাৰাবন্ধীসন্মুক্ত হ’বলৈ এতিয়াও কিছু পদ্ধতিগত দেৰি হ’ব পাৰে বুলি জানিব পৰা গৈছে।

ইপিনে, চুমি বৰাই এতিয়াও জামিন লাভ কৰা নাই। ১৯ নবেম্বৰত গুৱাহাটী চিবিআই আদালতে তেওঁৰ জামিন আবেদন নাকচ কৰিছিল। চুমি বৰা, তাৰ্কিক বৰা আৰু বিশাল ফুকনৰ বিৰুদ্ধে ৪,০০০ কোটি টকা ধন লুট কৰাৰ অভিযোগ উঠিছিল। অভিযুক্তসকলে চিকিৎসক, অভিযন্তা, শিল্পী, ব্যৱসায়ী আদি লোকৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰি দুগুণ লাভৰ প্ৰলোভন দেখুৱাই “ট্ৰেডিং”ৰ নামত প্ৰতাৰণা কৰিছিল।

বিশাল ফুকনে সংগৃহীত টকাৰে চুমি বৰাৰ বিলাসী জীৱনৰ বন্দোবস্ত কৰিছিল — জয়পুৰত কোটি টকাৰ বিবাহ, ডুবাই ভ্ৰমণ, আৰু দামী উপহাৰ। ২ লাখ টকীয়া টেডী বিয়াৰ উপহাৰ হিচাপে দিছিল বিশালে চুমিক।

এই কেলেংকাৰিৰ পটভূমিত ডিব্ৰুগড় সদৰ থানাৰ ৩৫২/২৪, দুলীয়াজান থানাৰ ৩৫৪/২৪ আৰু বৰবৰুৱা থানাৰ ৮৫/২৪ নং গোচৰত ৰুজু হোৱা মামলাসমূহ চিবিআইৰ জিম্মালৈ অৰ্পণ কৰা হয়। কিন্তু, এতিয়ালৈকে চিবিআইয়ে চাৰ্জশ্বিট দাখিলত ব্যৰ্থ হোৱা বাবে অভিযুক্তসকলে আইনী সুবিধা লভি জামিন লাভ কৰিছে।

  • Related Posts

    বহিঃৰাজ্যৰ আৰএছএছ নেতাই অসমৰ পৰিবেশ বেয়া কৰিছে: মঙলদৈত গৌৰৱ

    দুদিনীয়া ভ্ৰমণসূচীৰ অংশ হিচাপে মঙলদৈত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ নৱ-নিযুক্ত সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে আজি কংগ্ৰেছ দলৰ এক বিশেষ সভাত অংশগ্ৰহণ কৰে। সভাত উপস্থিত নেতা-কৰ্মীসকলক উদ্দেশি কৰি তেওঁ বিজেপি, আৰএছএছ…

    ‘আল্লা মেঘদে, আল্লা পানী দে’ৰ স্ৰষ্টা আৰু নাই

    খেয়ালী মনৰ মানুহজন কেতিয়াও উভতি নহা বাটেৰে গুছি গ’ল৷ পাগলাদিয়া নৈৰ পাৰ, হোটেল, কিতাপৰ দোকানত আড্ডা পিটি কবিতাক নতুন গতি দিয়া খেয়ালী মনৰ কবিজন আৰু কেতিয়াও উভতি নাহে৷ গাঁৱৰ হোজা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু