ডিব্ৰুগড়ৰ মাইজান মথলাত খহনীয়াত জাহ গ’ল থলুৱাৰ ঘৰ-দুৱাৰ

ঘৰখন ভাঙি টিনপাত, বাঁহৰ টুকুৰা নিজ হাতেৰে সুৰক্ষিত স্থানলৈ কঢ়িয়াই নিছে৷ এই দৃশ্য দেখি মানুহে হায় হায় কৰিছে৷ বিগত ২৪ ঘণ্টাত এনে দৃশ্য সূলভ হৈ পৰিছে অসমৰ এটা প্ৰান্তত৷ তেওঁলোকক চৰকাৰে উচ্ছেদ কৰা নাই৷ কিন্তু চৰকাৰৰ গাফিলতি আৰু অৱহেলাৰ বাবে নিজ হাতেৰে ঘৰখন ভাঙি পেলাবলগীয়া হৈছে৷ যিসকলে নিজ হাতেৰে এপদ এপদকৈ সামগ্ৰী গোটাই ঘৰখন সাজিছিল৷ সেইসকলেই নিজৰ ঘৰ ভাঙি পেলাইছে৷ আজি এই দৃশ্য দেখা গ’ল ডিব্ৰুগড়ৰ মাইজান মথলা অঞ্চলত৷ খহনীয়াৰ কৱলত পৰি হাহাকাৰ কৰি সময় পাৰ কৰিছে ডিব্ৰুগড়ৰ মাইজান মথলাবাসীয়ে৷ মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াত বৰ্তমান ১০টা পৰিয়ালৰ ঘৰ-দুৱাৰ বিলিন হৈছে। জলসম্পদ বিভাগৰ কোনো গুৰুত্ব নাই। স্থানীয় বিধায়ক প্ৰশান্ত ফুকনক এই বিষয়ত অৱগত কৰা হৈছিল যদিও কোনো গুৰুত্ব নিদিয়া অভিযোগ তুলিছে দল-সংগঠনে৷ মথলা অঞ্চল বুলিয়ে নহয়, ডিব্ৰুগড় মহানগৰলৈ ভাবুকি কঢ়িয়াই আনিছে গৰাখহনীয়াই। ঐতিয্যমণ্ডিত ডিব্ৰুগড় অঞ্চলৈ ভাবুকি কঢ়িয়াই আনিছে। আজি খহনীয়াস্থলীত দল-সংগঠনৰ লগতে চাহ শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্থানীয় বিধায়ক প্ৰশান্ত ফুকন, জলসম্পদ বিভাগক ধিক্কাৰ দিয়ে। ৰাইজে বিভিন্ন শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে।

  • Brahmaputra Times

    Related Posts

    চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

    ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

    ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

    ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক