অসমত ড্ৰাগছ বিৰোধী অভিযান চলাই ৰাজ্যখনক ড্ৰাগছ মুক্ত কৰাৰ প্ৰয়াস কৰা আৰক্ষী এতিয়া ড্ৰাগছ মাফিয়াৰ টাৰ্গেট হৈ পৰিছে৷ বিশেষকৈ ড্ৰাগছ সৰবৰাহৰ কৰিডৰ হৈ পৰা বৰাকত ড্ৰাগছ মাফিয়াই আৰক্ষীক টাৰ্গেট কৰি লৈছে৷ বৰাকৰ শ্ৰীভূমি জিলাত উজ্জ্বল বৰা নামৰ অসম আৰক্ষীৰ কনিষ্টবলজনক ট্ৰাকেৰে খুন্দিয়াই হত্যা কৰা হৈছে৷ এই ঘটনাই সমগ্ৰ অসম জোকাৰি গৈছে৷ কৰ্মৰত অৱস্থাত যোৰহাট জিলাৰ চৰাইবাহী চুতীয়াকাৰিৰ উজ্জ্বল বৰাক বৰাকৰ শ্ৰীভূমিত ট্ৰাকেৰে খুন্দিয়াই হত্যা কৰা হয়৷ শ্ৰীভূমিত ড্ৰাগছ সৰবৰাহকাৰী মাফিয়াই ট্ৰাকেৰে মহতিয়াই নিয়াত শনিবাৰে মৃত্যুক আকোৱালি লয় উজ্জ্বল বৰাই৷ মৃতদেহ বৰাকৰ শ্ৰীভূমি জিলাৰ পৰা চুতীয়াকাৰি গাঁৱলৈ অনা হয়৷ মৃতদেহ আহি পোৱাৰ পিছতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়৷ বৰাৰ ঘৰ মানুহেৰে ভৰি পৰে৷ স্থানীয় শ্মশানত কেইবা শ লোকৰ উপস্থিতিত আজি কনিষ্টবলজনৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ যোৰহাট জিলাৰ আৰক্ষী অধীক্ষকে শেষ চালামেৰে বিদায় জনাই উজ্জ্বলক। উজ্ব্ল আৰু ভাতৃ সৰু থাকোতেই পিতৃক হেৰুৱাইছিল৷ পিতৃৰ মৃত্যুৰ পাছত মাতৃয়ে দিন হাজিৰা কৰি অতি কষ্টৰে দুই পুত্ৰক ডাঙৰ-দীঘল কৰিছিল। মাতৃয়ে কষ্ট কৰি ঘৰ চলোৱাৰ সময়তে দুই পুত্ৰই পৰীক্ষাৰ প্ৰস্তুতি চলাঅ এজন অসম আৰক্ষীত, এজনে সেনাত চাকৰি পাইছিল৷ ঘৰখনৰ পৰিস্থিতি ভালৰ ফালে আহিছিল যদিও হঠাতে এই অঘটনে ঘৰখনত হাহাকাৰ লাগিছে৷ গাঁওবাসীয়ে উল্লেখ কৰা মতে, পিতৃহাৰা উজ্জ্বল আৰু ভাতৃ প্ৰাঞ্জলে অশেষ কষ্টৰে পঢ়া-শুনা কৰিছিল৷ পিতৃৰ মৃত্যুৰ পিছত কষ্টৰে ডাঙৰ-দীঘল হোৱা উজ্জ্বলে ২০২২ চনত অসম আৰক্ষীত যোগদান কৰিছিল। ভাতৃয়ে সেনা বাহিনীত যোগদান কৰিছিল৷ আজি উজ্জ্বলৰ নশ্বৰদেহ ঘৰ পোৱাৰ পিছতে এগৰাকী জ্যেষ্ঠ নাগৰিকে কয় যে উজ্জ্বলে সময় পালে ল’ৰা-ছোৱালীক প্ৰশিক্ষণ দিছিল৷ যাতে অঞ্চলটোৰ ল’ৰা-ছোৱালীয়ে সেনা, চিআৰপিএফ আৰু পুলিচত যাব পাৰে৷ চকুলো টুকি লোকজনে কয় যে সি বৰ ভাল ল’ৰা আছিল৷ সমাজৰ কাম থাকিলে আগতে ওলাই আহিছিল৷ আমি উজ্জ্বলৰ সৈতে এনে হ’ব বুলি ভবাই নাছিলো৷ আন এজন লোকে কয় যে দুই বছৰ আগতে চাকৰিত সোমাই ঘৰ এটা বনাবলৈ আৰম্ভ কৰিছিল৷ ঘৰটো সম্পূৰ্ণ নহলেই৷ তাৰ পূৰ্বে তাক মাৰি পেলোৱা হ’ল৷ ইপিনে শনিবাৰে নিশা উজ্জ্বলক মহতিয়াই নিয়া ঠাইতে চালকজনক এনকাউণ্টাৰ কৰে শ্ৰীভূমি আৰক্ষীয়ে৷ আৰক্ষীয়ে ঘটনাস্থলীলৈ নিছিল যদিও ট্ৰাকচালক অভিজিত শব্দকাৰ গুলীবিদ্ধ হয়৷ অসম-ত্ৰিপুৰা ঘাইপথৰ পাণহাটীত চালক অভিজিত শব্দকাৰক নি দুৰ্ঘটনা সংঘটিত এলেকা পৰ্যবেক্ষণ কৰে৷ তেনে সময়তে চিঞৰ-বাখৰ আৰম্ভ হয়৷ পলাল, পলাল বুলি চিঞৰ বাখৰ লগাৰ সময়তে গুলীচালনা কৰে আৰক্ষীয়ে৷ কিন্তু অলপ পিছতে গম পোৱা যায় যে ট্ৰাকচালক অভিজিত গুলীবিদ্ধ হৈছে। দুৰ্ঘটনা সংঘটিত এলেকালৈ নিয়াৰ সময়তে হাতকেৰেয়া লগাই থোৱা অভিজিতে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ প্ৰয়াস কৰাৰ অভিযোগত গুলীচালনা কৰা বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে বাৰে বাৰে ৰখিবলৈ দিছিল যদিও নৰখাত গুলীচালনা কৰাত বাও ভৰিত গুলী লাগি ঢলি পৰে চালক অভিজিত। গুলীবিদ্ধ অভিজিতক হাস্পতালত ভৰ্তি কৰোৱা হয়। উল্লেখ্য যে, শনিবাৰে পুৱতি নিশা শ্ৰীভূমি আৰক্ষীয়ে এক গোপন খবৰ লাভ কৰিছিল৷ অসম-ত্ৰিপুৰা সংযোগী ঘাইপথেৰে ট্ৰাকত নিচাযুক্ত সামগ্ৰী কঢ়িয়াই অনাৰ খবৰ লাভ কৰিছিল৷ পুৱতি নিশা আৰক্ষীৰ দলে নাকা চেকিং আৰম্ভ কৰে৷ আৰক্ষীৰ দলটোত আছিল কনিষ্টবল উজ্জ্বল বৰা৷ পুৱতি নিশা ত্ৰিপুৰা দিশৰ পৰা এখন ট্ৰাক অহা প্ৰত্যক্ষ কৰিছিল৷ লগে লগে আৰক্ষীৰ দলটোৱে ট্ৰাকখন ৰখাবলৈ সংকেত দিয়ে৷ আৰক্ষীৰ সংকেট প্ৰত্যক্ষ কৰি ট্ৰাকচালকে গতি বৃদ্ধি কৰি৷ আৰক্ষীয়ে পথৰ ওপৰলৈ আহি ট্ৰাকখন ৰখাবলৈ প্ৰয়াস কৰে যদিও উজ্জ্বল বৰাক মহতিয়াই নিয়ে৷ বহু পথ মহতিয়াই নিয়াত শৰীৰ ক্ষত-বিক্ষত হৈ পৰে৷ লগে লগে স্থানীয় হাস্পতালত ভৰ্তি কৰা হয় যদিও বৰাই শেষ নিশ্বাস ত্যাগ কৰে৷ ইপিনে আৰক্ষীৰ দলৰ একাংশ আৰক্ষীয়ে লগে লগে সকলো আৰক্ষী থানালৈ এলাৰ্ট জাৰি কৰি ট্ৰাকখনৰ পিছা কৰে৷ প্ৰায় ৩০ কিলোমিটাৰ এলেকা খেদি খেদি গৈ ট্ৰাকখন ধৰিবলৈ সক্ষম হয়৷ ট্ৰাকখনৰ চালক অভিজিত শব্দকাৰ, গিয়াছ উদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ট্ৰাকখনত ৪ কোটি টকাৰ ২০ হাজাৰ য়াবা টেবলেট উদ্ধাৰ হয়৷ ট্ৰাকখন খেদি যোৱাৰ সময়ত ৰাতাবাৰী আৰক্ষীৰ বাহন দুৰ্ঘটনাত পতিত হৈও আহত হয় আৰক্ষী৷ শ্ৰীভূমিৰ নিয়মীয়া নাকা চেকিং বহা পাণহাটীত সংঘটিত এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
সাংবাদিকক বিনাচৰ্তে মুক্তিৰ দাবী ভূপেন বৰাৰ
চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ নামত থকা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰি পৰিৱেশন কৰাৰ পিছত এজন সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনা গণতন্ত্ৰৰ পৰিপন্থী। সংবাদ পৰিৱেশন কৰাৰ স্বাধীনতা সাংবাদিকৰ পূৰামাত্ৰাই…