ড০ দয়ানন্দ শ্বাহক জাতীয় সংগঠনৰ সম্বৰ্ধনা

ডিব্ৰুগড় জিলাৰ ডিব্ৰুৱাল চাংমাই গাঁৱৰ বিশিষ্ট সামজকৰ্মী ড০ দয়ানন্দ শ্বাহক নিজ ঘৰতে কেইবাটাও জাতীয় সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে৷ দিনৰ প্ৰায় ৩ বজাত কেইবাটাও জাতীয় সংগঠনৰ প্ৰতিনিধি ড০ দয়ানন্দ শ্বাহৰ ঘৰত উপস্থিত হৈ ফুলাম গামোচ, চেলেং, মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷ অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নৰ ৰাজ্যিক সমিতি, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় গোট আৰু লাহোৱাল আঞ্চলিক সমিতি, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লাহোৱাল শাখা আৰু আদিবাসী ছাত্ৰ সন্থাৰ ৰহমৰীয়া আঞ্চলিক সমিতিয়ে ড০ শ্বাহক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে৷

ডিব্ৰুগড় জিলাৰ বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ, ক্ৰীড়াবিদ ড০ দয়ানন্দ শ্বাহক শেহতীয়াকৈ সন্মনীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হৈছে৷ ড০ দয়ানন্দ শ্বাহে কৰি অহা সমাজসেৱাৰ বাবে ১৬ জুলাইত দিল্লী এনচিআৰৰ কুণ্ডিলৰ প্ৰখ্যাত সংস্থা ভক-ভাৰ্চিটিয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল৷ ডিব্ৰুগড় জিলাৰ বিশিষ্ট শিক্ষাবিদ, সমাজ সংস্কাৰক, ক্ৰীড়াবিদ. চাহ জনগোষ্ঠীৰ নেতা ড০ দয়ানন্দ শ্বাহে বিগত তিনিটা দশক ধৰি কৰা সমাজ সেৱাৰ বাবে ‘সমাজসেৱা’ শিতানত ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল ভক-ভাৰ্চিটিয়ে৷ ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ডিব্ৰুৱাল চাংমাই গাঁৱৰ বাসিন্দা ড০ দয়ানন্দ শ্বাহে বিগত তিনিটা দশক ধৰি সমাজৰ বাবে কাম কৰি গৈছে৷ ড০ শ্বাহে সমাজৰ পিছপৰা শ্ৰেণীৰ মানৱ সম্পদক মানুহ কৰিবলৈ কাম কৰি আহিছে৷ ব্যক্তিগতভাবে শিক্ষাৰ বিপ্লৱ তথা শিক্ষাৰ বাবে জাগৰণ সৃষ্টি কৰিছে৷ চাহ জনগোষ্ঠীৰ লোকৰ জীৱনৰ কল্যাণৰ হকেও কাম কৰিছে৷

  • Related Posts

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ, মই মুম্বাই এৰি গুছি আহিলো

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ৷ যাৰ বাবে মই মুম্বাই এৰি গুছি আহিলো৷ এনদনে আক্ষেপ প্ৰকাশ কৰি হিন্দী বোলছবি জগতক বিদায় দিয়াপ ঘোষণা কৰিলে ছবি নিৰ্মাতা অনুৰাগ কাশ্যপে৷ অভিনেতা-চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ…

    মন্ত্ৰী সিংহলৰ বিৰুদ্ধে বিধানসভাত কংগ্ৰেছৰ ভৰ্ৎসনা প্ৰস্তাৱ

    গুৱাহাটী প্ৰেছ ক্লাৱে কিয় ভাওনা পাতিব লাগে৷ ভাওনা ছেকুলাৰ নহয়৷ এনে মন্তব্য প্ৰদান কৰি বিতৰ্কত সোমাই পৰিছে মন্ত্ৰী তথা ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহল৷ তাৰ লগতে সংবিধানৰ নামত শপত লোৱা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ